বেতবাৰী পঞ্চায়তত বিশেষ গাঁও সভা

50

পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ পাকাবেতবাৰীস্থিত ৪২ নং দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত কালি আবেলি  এখন বিশেষ গাঁও সভা অনুষ্ঠিত হৈ যায়। সমাজকৰ্মী বাছেৰ উদ্দিনৰ পৌৰোহিত্যত  আৰু ক্ৰমে হৰ ঘৰ জল অ’ডি এফ প্লাচ ভিলেজ,বালক পঞ্চায়ত, বাল্য বিবাহ আৰু টিনেজ প্ৰেগনেঞ্চি সন্দৰ্ভত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে পঞ্চায়তখনৰ সচিব মইনুল হক প্ৰধানীয়ে।

উক্ত সভাত  সুজিৎ বৰ্মন, পঞ্চায়তখনৰ কৰ সংগ্ৰাহক লালচান উদ্দিন আহমেদ, জি আৰ এছ  দিলবৰ খান, জিপিছি মহিবুল হক ,সাংবাদিক প্ৰদীপ কুমাৰ সৰকাৰ, দুৰ্জুন খান, জীৱিকা সখী জহুৰা খাতুন,ভানুমতি ৰায় আদিকে কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বিষয়বস্তৰ ওপৰত বিস্তাৰিতভাৱে তথ্য সমৃদ্ধ গঠণমুলক ভাষন প্ৰদান কৰি দহটা ওৱাৰ্ড বিশিষ্ট পঞ্চায়তখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ শতাধিক পুৰুষ-মহিলাকে ধৰি উপস্থিত ৰাইজক বিষয়বস্তৰ উপকাৰিতা আৰু অপকাৰিতাৰ লগতে কৰণীয় সন্দৰ্ভত বুজাই দিয়া পৰিলক্ষিত হয়।