ভূমিৰ লগত জন্মৰ পৰ্য মৃত্যুলৈকে প্রত্যেকজন মানুষৰ এক এৰাব নোৱাৰা সম্পর্ক থাকে। প্রত্যেক ধর্ম বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক জীৱনৰ বিশেষ মুহূর্তত আমি ভূমিক স্মৰণ কৰোঁ। গৃহ নির্মাণ, কৃষি কর্ম, নতুন বারানায়, আদি শুভ কামৰ আৰৱণিত ভূমিক স্মৰণ কৰা হয়। নর জাতকৰ আগমন, বিবাহৰ শুভক্ষণ আদি মাংগলিক অনুষ্ঠানত ভূমিৰ প্রতি সম্মান প্রদর্শন কৰা হয়। এইদৰে বিভিন্ন জাতি-জনকান্তি সম্প্রদায়ৰ সমাজ ব্যৱস্থাত তিন তিন পদ্ধতি, পৰম্পৰাগত ৰীতি-নীতিৰে ভূমিৰ প্রতি সম্মান প্রদর্শন বা কৃতজ্ঞতা প্রকাশ কথা হয়।
প্রচলিত জনবিশ্বাস বা ধর্মীয় বীতি-নীতিৰে ঋতু পৰিবৰ্তনৰ লগে লগে প্রকৃতিৰ বিভিন্ন ৰূপত আমি উপাসনা কৰোঁ। প্ৰকৃতিৰ এক অলৌকিক শক্তিয়ে সময় জীবকূলক পৰিচালিত কৰে। এই প্রকৃতিৰ শক্তিষ আধাৰস্বৰূপ সূৰ্য্য, অগ্নি, বায়ু, পানী, গছ-লতিকা, পাহাৰ-পর্বত, জীৱ-জক্ত সকলোতে সর্বশক্তিমান অর্থাৎ ঈশ্বৰষ অস্তিত্ব অনুভৱ কৰা হয় আৰু অলেখ জাতি-উপজাতি, আৰ্য্য-অনাবা সকলোৰে ভিন্ন সভ্যতা-সংস্কৃতি, বিভিন্ন ধর্মীয় পৰস্পৰাৰ মানৱ সমাজে প্রকৃতিৰ এই অদৃশ্য শক্তি স্বীকাৰ কাৰ। আপাত দৃষ্টিত মানব সভাতাত উপাদনা পদ্ধতি ভিন্ন হলেও ইয়ান মূল তত্ত্ব একেই। সমাজৰ বিভিন্ন স্তৰত প্রচলিত পৰম্পৰাগত বীতি-নীতিসমূহ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে লেচ্চিত্ৰৰ মহোৎসৱৰ আযোজন কৰা হৈছে। হেৰাই যান
ধৰা এনে সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত উপাসনা পদ্ধতিক শুদ্ধ আৰু সহজ ৰূপত উপস্থাপন কৰোৱাটোৱেই হ’ব সকলোৰে দায়িত্ব। এনে এক মহান উদ্দেশ্য সম্মুখত ৰাখি অহা ১৯,২০ আৰু ১১ ছেপ্টেম্বৰ তাৰিখে গুৱায়াটীৰ কাহিলীপাৰাশিত জ্যোতি চিত্তবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া “Soul” নামৰ তথা-চিত্র ছবি সমাৰোহৰ আযোজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ উদ্বোধনীৰ দিনটোত ভাৰত চৰকাৰৰ তথা আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড° এল মুৰুগন, নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্রী শ্রী তেমজেন ইমনা আলং, অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী শ্রী বিমল বৰা আৰু অসমৰ জোষ্ঠ ঘবি পৰিচালিকা শ্রী মজু বৰ্য বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আলহাতে, অহা ২১ ছেপ্টেম্বল তাৰিখে “Soul”ৰ সমাৰোহ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহ সৰকাৰ্যবাহ ড’শ্রী কৃষ্ণ গোপাল শৰ্মাৰ লগতে অসম চৰকাৰৰ মন্ত্রীদ্বয় ক্রমে শ্রী বিমল বৰ্য আৰু শ্রী পীযুষ হাজৰিকা আৰু মণিপুৰৰ বিশিষ্ট ছবি নির্মাতা শ্রী অইনাম ডৰেণ উপস্থিত থাকিব।
উল্লেখ্য যে, ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ প্ৰায় ৩০ টাৰো অধিক জনগোষ্ঠী-সম্প্রদায়ৰ ৭০ খনৰো অধিক তথ্য চলচ্চিত্রই এই মহোৎসৱত যোগদান কৰিছে লগতে তথ্য চলচ্চিত্র মহোৎসৱত অংশগ্রহণ কৰিবলৈ আগ্রহী প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ কামোআৰম্ভ হৈছে। “Soul” তথ্য চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ তথা ঘলি হিচাবে নির্বাচিত হোৱা ছবিখনক ১ লাখ টকা, দ্বিতীয় শ্রেষ্ঠ ছবিখনক ৭৫ হেজাৰ টকা, তৃতীয় শ্রেষ্ঠ ছবিখনক ৫০ হেজাৰ টকা, শ্রেষ্ঠ পৰিচালকক ২৫ হেজাৰ টকা আৰু শ্রেষ্ঠ চিত্রগ্রাহকক ২০ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও জুৰিৰ বিশেষ পুৰস্কাৰ থাকিব। বর্তমানলৈ ৮৬৫ গৰাকী প্রতিনিধিয়ে অনুষ্ঠান উপভোগ কৰিবলৈ অনলাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰিছে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ সামাজিক অনুষ্ঠান “সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে ৰাইজৰ সহযোগিতা কামনায় কৰিছে।
