ভৱানীপুৰৰ ধুমাৰকুৰৰ হত্যাকাণ্ড ::  আৰক্ষীৰ জালত ৬ হত্যাকাৰী

75

নিশা নৃশংস হত্যাৰ বলি হোৱা ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰৰ যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীৰ হত্যাৰে জড়িত ৬ গৰাকীকৈ হত্যাকাৰীক অৱশেষত বজালী আৰক্ষীয়ে গুৱাহাটীৰ পল্টনবজাৰৰ লাখটকীয়াত এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়।ঘটনাৰ পিছতেই বজালী জিলা ব্লক কংগ্ৰেছৰ পক্ষৰ পৰা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বৰপেটা সমষ্টিৰ বিধায়ক বজালী আব্দুল ৰহিম আহমেদ আৰু বিভিন্ন কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত কংগ্ৰেছৰ সঁজাতি দলটোৱে বজালী জিলা জিলা আয়ুক্ত আৰু বজালী জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে ঘটনাৰ ক্ষীপ্ৰ আৰু উচিত তদন্তৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত বজালী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওচৰত বেলেগে বেলেগে দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

তদুপৰি মাজতে কিছুদিন শান্ত হৈ থকাৰ পিছত নিশা ৮ বজাতে হত্যাকাৰীয়ে চোকা অস্ত্ৰ আৰু উদ্যত পিষ্টল হাতত লৈ হত্যাকাণ্ড সংঘটিত কৰাটো অকল চিন্তণীয়ই নহয়,উদ্বেগজনকো বুলি দুয়োগৰাকীয়ে মন্তব্য কৰিছল। nবৰ্তমান অঞ্চলটোত হত্যাকাণ্ডকে ধৰি বৰ্দ্ধিত অসামাজিক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো তেওঁলোকে আৰক্ষী প্ৰশাসনক নিজৰ দায়িত্ব পালন সম্পৰ্কে সকিয়াই দিছিল। আনহাতে ঘাতকৰ আক্ৰমণৰ বলি হোৱা ইব্ৰাহিম আলীৰ জ্যেষ্ঠ ভাতৃ তথা ভৱানীপুৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ইছমাইল হুছেইনে হত্যাকাৰীৰ আক্ৰমণৰ লক্ষ্য তেওঁহে আছিল যদিও ঘৰত নথকাত সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰা বুলি মন্তব্য কৰে। বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি বজালী জিলাৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে হত্যাকাণ্ডৰে জড়িত ৬ গৰাকীকৈ হত্যাকাৰীক আটক কৰাৰ কথা  জানিবলৈ দিয়ে। ইয়াৰে ৪ গৰাকীক গুৱাহাটীৰ লাখটকীয়াৰ আছিয়ানা হোটেলৰ পৰা আৰু আন দুগৰাকীক বৰপেটা আৰু বজালী অঞ্চলৰ পৰা আটক কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।

এনেদৰে আটক কৰা কেইগৰাকী হ’ল ধুমাৰকুৰৰ সমীপৰ ৰাজাখাট গাঁৱৰ মনোহৰ আলী ওৰফে মনো আৰু ছাইদুল ইছলাম,বৰপেটাৰ কলগাছিয়াৰ য়াকুব আলি,হাজোৰ মহম্মদ চাহেৰ আলী,ধুবুৰীৰ জয়নাল আবেদিন আৰু ধুমাৰকুৰৰ ছাইদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আটক কৰা ৬ গৰাকীৰ মনোহৰ আলী ওৰফে মনো সংঘটিত হত্যাকাণ্ডৰ ‘মাষ্টাৰ মাইণ্ড’ বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে।অৱশ্যে প্ৰাথমিক তদন্তত ঘটনাৰে সৈতে ভূমিকেন্দ্ৰিক সংঘাতৰ কথা পোহৰলৈ আহিলেও ঘটনাৰে অন্যান্য দিশ আৰু অন্যান্য লোক জড়িত থকাৰ আন আন সম্ভাব্য দিশ পৰীক্ষা কৰি উচিত তদন্তৰ জৰিয়তে সময়মতে সাংবাদিকক জানিবলৈ দিয়া হ’ব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে |