কণ্ঠশিল্পী পলক মুছহাল কেৱল কণ্ঠৰ বাবেই নহয়, সমাজসেৱাৰ বাবে পৰিচিত

কণ্ঠশিল্পী পলক মুছহাল কেৱল কণ্ঠৰ বাবেই নহয়, সমাজসেৱাৰ বাবে পৰিচিত। ইন্দোৰত জন্মগ্ৰহণ কৰা আৰু সুৰীয়া কণ্ঠ আৰু সংগীতৰ বাবে বিখ্যাত পলক মুছহালে এতিয়া গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কণ্ঠৰ বাবে নহয়, সমাজসেৱাৰ বাবেই এই গৌৰৱ অৰ্জন কৰিছে।কণ্ঠশিল্পী পলক মুছহালে নিজৰ উপাৰ্জনেৰে অধিকাংশ শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে দান কৰে। ষ্টেজ শ্ব’ৰ সকলো উপাৰ্জন কণ্ঠশিল্পীগৰাকী কণমানিসকলৰ জীৱন দানৰ বাবে উচৰ্গা কৰে। শেহতীয়াকৈ পলকৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে। এতিয়ালৈকে ৩৮০০ৰো অধিক শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *