শিলচৰ আৰক্ষীৰ বৃহৎ সফলতা

জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমাল মাহাত্তাৰ নেতৃত্বত জিলাখনত কঠোৰ কৰা হৈছে ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানৰ অংশ হিচাপে দেওবাৰে গাঞ্জাৰ বিৰুদ্ধে শিলচৰ ট্ৰাংক ৰোডত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ৩৬২ কেজি গাঞ্জা জব্দ কৰে।ট্ৰাক খনৰ গোপন চেম্বাৰ লুকুৱাই গাঞ্জা খিনি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আগৰতলাৰ পৰা সৰবৰাহ কৰা হৈছিল।জব্দ কৰা গাঞ্জা খিনিৰ ক’লা বজাৰত মূল্য প্ৰায় ২.৫ কোটি টকা। গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক জনৰ নাম প্ৰদীপ কৰ। তেওঁৰ ঘৰ ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ বিশালগড় থানা এলেকাৰ ব্ৰজপুৰত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *