উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ সিদ্ধাৰ্থ বৰাদৰাজন-কৰণ থাপাৰ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এটা বাতৰিৰ প্ৰবন্ধক কেন্দ্ৰ কৰি জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰাদৰাজন আৰু ৱেব পৰ্টেল ‘দ্য ৱায়াৰ’ৰ কৰণ থাপাৰৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰৰ সৈতে জড়িত কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰা অসম আৰক্ষীক বাধা প্ৰদান কৰে। ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে সাংবাদিকসকলৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা নিত্য ৰামকৃষ্ণনে আদালতে পূৰ্বতে গৃহীত কৰা নিৰ্দেশক অসম আৰক্ষীয়ে অৱজ্ঞা কৰা বুলি কোৱাৰ পিছতে এই নিৰ্দেশ দিয়ে।

তেওঁ কয় যে মে’ মাহত দাখিল কৰা পুৰণি এফআইআৰত বক্তব্য লিপিবদ্ধ কৰিবলৈ শুকুৰবাৰে বৰাদৰাজন আৰু কনচালটিং এডিটৰকে ধৰি অন্যান্য সাংবাদিকসকলক তলব কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰি বিচাৰপীঠে কয় যে সকলোৱে এই আইন মানি চলাটো আশা কৰা হৈছে। ইয়াত সাংবাদিকসকলক তদন্তত সহযোগিতা আগবঢ়াবলৈ কয়।

যোৱা ১২ আগষ্টত উচ্চতম ন্যায়ালয়ে বৰাদৰাজনক সুৰক্ষা প্ৰদান কৰাৰ লগতে অপাৰেচন সিন্দুৰ সন্দৰ্ভত এটা প্ৰবন্ধক লৈ তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰৰ সৈতে জড়িত কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰা অসম আৰক্ষীক বাধা দিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *