গাত শাৰী আৰু ভৰিত স্পৰ্টছ শ্বু; ডুবাইৰ ৰাজপথত চাইকেল চলাই আৰু ১০ কিলোমিটাৰ দৌৰি চৰ্চাত ভাৰতীয় মহিলা

পিন্ধনত পৰম্পৰাগত ভাৰতীয় শাৰী, ভৰিত এযোৰ স্পৰ্টছ শ্বু আৰু মনত অদম্য আত্মবিশ্বাস! এই ব্যতিক্ৰমী সাজ-পোছাকেৰেই ডুবাইৰ দুটাকৈ সৰ্ববৃহৎ ফিটনেছ ইভেণ্টত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় উদ্যোগী কাঞ্চনা নায়াৰে। চলিত নৱেম্বৰ মাহত ডুবাইৰ বিখ্যাত শ্বেইখ জায়েদ ৰোডত প্ৰথমে শাৰী পিন্ধি চাইকেল চলোৱাৰ পিছত শেহতীয়াকৈ পুনৰ শাৰী পিন্ধিয়েই ১০ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰি সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে কেৰালাৰ এইগৰাকী মহিলাই।

যোৱা ২২ নৱেম্বৰত অনুষ্ঠিত ‘ডুবাই ৰান ২০২৬’ত তিনি লাখ দহ হাজাৰৰো অধিক প্রতিযোগীৰ সৈতে যোগ দি কাঞ্চনাই সম্পূৰ্ণ কৰে ১০ কিলোমিটাৰৰ এই দৌৰ। সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউএই) ৫৫ সংখ্যক জাতীয় দিৱসৰ প্রাকক্ষণত দেশখনৰ প্রতি শ্রদ্ধা জনাবলৈকে তেওঁ ইউএইৰ জাতীয় পতাকাৰ ৰঙৰ সৈতে মিলাই এখন ৰঙা শাৰী, সেউজীয়া ব্লাউজ আৰু খোপাত বগা খৰিকাজাই ফুল গুজি এই দৌৰত অংশ লয়। পঞ্চমবাৰৰ বাবে ডুবাই ৰানত অংশ লোৱা কাঞ্চনাই দৌৰৰ অন্তত কয় যে ভাৰতত তেওঁৰ শিপা থাকিলেও ইউএই হৈছে তেওঁৰ দ্বিতীয়খন ঘৰ তথা গৌৰৱৰ স্থল। শাৰী পিন্ধি ১০ কিলোমিটাৰ দৌৰা কাঞ্চনাৰ এই ভিডিঅ’টোৱে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত নিমিষতে ৫ লাখৰো অধিক ভিউজ লাভ কৰে।

ইয়াৰ ঠিক তিনি সপ্তাহ পূৰ্বে অৰ্থাৎ যোৱা ১ নৱেম্বৰত অনুষ্ঠিত ‘ডুবাই ৰাইড ২০২৬’তো আন এক ব্যতিক্ৰমী প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল কাঞ্চনাই। কেৰালাৰ ৭০ সংখ্যক প্রতিষ্ঠা দিৱস ‘কেৰালা পিৰাভি’ উদযাপন কৰিবলৈ তেওঁ সেইদিনা কেৰালাৰ পৰম্পৰাগত শাৰী পৰিধান কৰি ডুবাইৰ ব্যস্ত ৰাজপথত হাজাৰ হাজাৰ লোকৰ সৈতে চাইকেল চলাইছিল।

উল্লেখ্য যে কলেজীয়া জীৱনত নেচনেল কেডেট ক’ৰৰ (এনচিচি) এয়াৰ উইঙৰ কেডেট হিচাপে জড়িত থকা কাঞ্চনাই ২০০৪ চনত নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰিছিল। এনচিচিৰ সেই অনুশাসনেই নিজৰ ব্যক্তিত্ব গঢ় দিয়াৰ লগতে আত্মবিশ্বাসী কৰি তোলা বুলি তেওঁ প্রকাশ কৰে। বিগত ১৪ বছৰ ধৰি ইউএইত বসবাস কৰি অহা কাঞ্চনাই দুবছৰ পূৰ্বে আজমানত এটা নিজা ৰিয়েল এষ্টেট কোম্পানী আৰম্ভ কৰিছে। এগৰাকী উদীয়মান অভিনেত্ৰী হিচাপেও পৰিচিত কাঞ্চনাই ইতিমধ্যে কেইবাখনো হাফ মাৰাথনতো সফলতাৰে অংশগ্ৰহণ কৰিছে। পৰম্পৰাগত ভাৰতীয় সাজ-পোছাক যে আধুনিক ফিটনেছ আৰু সক্রিয় জীৱনশৈলীৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে, নিজৰ শাৰী, চাইকেল আৰু দৌৰা জোতাযোৰৰ জৰিয়তে তাকেই প্রমাণ কৰি দেখুৱালে কাঞ্চনা নায়াৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *