সাংবিধানিক পদমৰ্যাদাক কালিমালিপ্ত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী পৰিচয় পত্ৰ জাল কৰি চলোৱা এক ষড়যন্ত্ৰই ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ন্যস্ত স্বাৰ্থজড়িত মহলে জ্যেষ্ঠ জনপ্ৰতিনিধিগৰাকীৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি চলোৱা এই অপপ্ৰচাৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে চৰকাৰী পক্ষ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ সম্বলিত এখন পত্ৰ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। মন্ত্ৰী সোণোৱালে কয় যে দুষ্কৃতিকাৰীয়ে তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে এই জালিয়াতি কৰিছে। এয়া চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰ আৰু এক গুৰুতৰ অপৰাধ বুলি উল্লেখ কৰি তেওঁ তদন্তকাৰী সংস্থাক দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈ আহ্বান জনায়।
আনহাতে, এই কাণ্ডৰ বাবে কংগ্ৰেছৰ ‘মিঞা আইটি চেল’ক পোনপটীয়াকৈ জগৰীয়া কৰে ৰাজ্যিক কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। হাজৰিকাই অভিযোগ কৰে যে কংগ্ৰেছৰ এটা গোটে ভাৰত চৰকাৰৰ নকল লেটাৰহেড তৈয়াৰ কৰি হোৱাটছএপ গ্ৰুপসমূহত এই ভুৱা বাতৰি প্ৰচাৰ কৰিছে। বি এন এছ আৰু এম্বলেম এক্ট অনুসৰি ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পৰা এই জামিনবিহীন অপৰাধৰ তদন্ত অসম আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অব্যাহত ৰাখিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাইও এই ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন অবমাননাৰ গোচৰটো তদন্ত কৰাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰী হাজৰিকাই সদৰী কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছৰ এই নিকৃষ্ট ষড়যন্ত্ৰ অতি সোনকালে আইনৰ জৰিয়তে উদ্ঘাটন কৰা হ’ব।
