চামগুৰিত ভয়ংকৰ ঘটনা

চামগুৰিৰ ভৰাগুৰিত নিশা বন্যহস্তীৰ চুড়ান্ত উপদ্ৰৱ। নিশা বন্যহস্তীয়ে ভৰাগুৰি গাঁৱত উপদ্ৰৱ চলাই ভাঙি লণ্ডভণ্ড কৰে কেইবাটাও বাসগৃহৰ লগতে ধংস কৰে বাসগৃহৰ কেইটাৰ মুল্যবান সম্পত্তি। ৰঞ্জিত জমিদাৰ নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত নিশা বন্যহস্তীয়ে চলালে উপদ্ৰৱ, কথমপি প্ৰাণ ৰক্ষা ৰঞ্জিত জমিদাৰৰ পৰিয়ালটোৰ। বন্যহস্তীয়ে ৰঞ্জিত জমিদাৰ আৰু ললিত জমিদাৰৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ পাছতেই দুখত ভাগি পৰিছে পৰিয়ালটো। বনবিভাগৰ লোকক ফোন যোগে খবৰ দিয়াৰ পাছতো বহু পলমকৈ ঘটনাস্থলীত বনবিভাগৰ দল উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *