ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ২০১২ চনৰ পিছত ৰঞ্জী ট্ৰফীত প্ৰথমখন খেল খেলিবলৈ সাজু হৈছে। তেওঁ ৩০ জানুৱাৰীৰ পৰা ইয়াত ৰেলৱেৰ বিৰুদ্ধে হ’বলগীয়া দিল্লীৰ খেলৰ বাবে নিজকে উপলব্ধ কৰিছে। ডিঙিৰ বিষৰ বাবে ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া সৌৰাষ্ট্ৰৰ বিৰুদ্ধে দিল্লীৰ আগন্তুক মেচখন কোহলীয়ে নেখেলে কিন্তু দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাক (ডিডিচিএ) জনাইছে যে তেওঁ দলটোৰ ৰঞ্জী ট্ৰফীৰ অন্তিমখন লীগ মেচত খেলিবলৈ উপলব্ধ হ’ব।
দিল্লীৰ মুখ্য প্ৰশিক্ষক চৰণদীপ সিঙে কয় যে বিৰাটে ডিডিচিএৰ সভাপতি (ৰোহন জেটলী) আৰু দল পৰিচালনাক জনাইছে যে তেওঁ ৰে’লৱেৰ বিৰুদ্ধে খেলখনৰ বাবে উপলব্ধ হ’ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) তেঁওলোকৰ চুক্তিবদ্ধ ক্ৰিকেটাৰসকলৰ বাবে অষ্ট্ৰেলিয়াত শৃংখলাত পৰাজিত হোৱাৰ পিছত ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক কৰি তুলিছে।