আকাশমাৰ্গৰ এক ভয়ংকৰ দুৰ্ঘটনাই এতিয়া ম্লান কৰি পেলাইছে দেশৰ ৰাজনৈতিক পৰিৱেশ। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ এক বিমান দুৰ্ঘটনাত হোৱা আকস্মিক বিয়োগে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। বুধবাৰে মুম্বাইৰ পৰা বাৰামতী অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰভাৱশালী নেতাগৰাকীৰ লগতে আন ছয়গৰাকী যাত্ৰীয়েও প্ৰাণ হেৰুৱায়। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এক অন্যতম ব্যক্তিত্ব পাৱাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰামতী অভিমুখে যাত্ৰা কৰিছিল। মুম্বাইৰ পৰা উৰা মৰা বিমানখন বাৰামতীত অৱতৰণ কৰাৰ চেষ্টা চলোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। দিনৰ ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিৰ্ধাৰিত থকা তিনিখনকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনী জনসভাত অংশ লোৱাৰ কথা আছিল নেতাগৰাকীৰ। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে জৰুৰীকালীন উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় যদিও দুৰ্ভাগ্যবশতঃ কাকো জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল।
উল্লেখ্য যে, অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ অষ্টমগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰাজ্যখনৰ ইতিহাসত আটাইতকৈ দীৰ্ঘকাল ধৰি উপ-মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰাৰ এক বিৰল অভিলেখ আছিল পাৱাৰৰ নামত। ভিন্ন সময়ত মুঠ ছবাৰকৈ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ তেওঁ ৰাজ্যখনৰ প্ৰশাসনীয় আৰু ৰাজনৈতিক দিশত বিশেষ অৱদান আগবঢ়াই গৈছিল। প্ৰভাৱশালী এই ৰাজনীতিবিদগৰাকীৰ বিয়োগত বিভিন্ন ৰাজনৈতিক দলে গভীৰ শোক প্ৰকাশ কৰিছে। বৰ্তমান উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ দিশে আগবাঢ়িছে আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ চৰকাৰে উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিছে।
