ৰাছিয়াৰ দখলত থকা ক্ৰিমিয়া উভতাই নাপায় ইউক্ৰেইনে: ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিছে যে ইউক্ৰেইনক সামৰিক মহাযোট ‘নাটো’ত অন্তৰ্ভুক্ত নহ’ব আৰু ২০১৪ চনৰ পৰা ৰাছিয়াই দখল কৰা ক্ৰিমিয়াও উভতাই নাপাব।সোমবাৰে ছ’চিয়েল মিডিয়াত ট্ৰাম্পে পোষ্ট কৰি কয় যে যদি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বিচাৰে তেন্তে ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ তৎক্ষণাত অন্ত পৰিব পাৰে। জেলেনস্কিয়ে যুঁজখন অব্যাহত ৰাখিব বিচাৰে নে শান্তিৰ পথ গ্ৰহণ কৰিব বিচাৰে তেওঁৰ ওপৰত সকলো নিৰ্ভৰ কৰে।

তেওঁ সোঁৱৰাই দিয়ে যে ১২ বছৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ কাৰ্যকালত ক্ৰিমিয়াক ৰাছিয়াৰ হাতত গতাই দিয়া হৈছিল আৰু ইউক্ৰেইনেও নাটোত যোগদান কৰা নাছিল। তেওঁ আৰু কয় যে কিছুমান কথা কেতিয়াও সলনি নহয়।ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফে দেওবাৰে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনক নাটোৰ দৰে নিৰাপত্তাৰ নিশ্চয়তা দিবলৈ সাজু। চিএনএনক দিয়া এক সাক্ষাৎকাৰত উইটকফে কয় যে ১৫ আগষ্টত আলাস্কাত ট্ৰাম্পৰ সৈতে হোৱা আলোচনাত ইউক্ৰেইনৰ নিৰাপত্তাৰ নিশ্চয়তাৰ ওপৰত সহমতত উপনীত হৈছিল।

অৱশ্যে পুটিনে স্পষ্ট কৰি দিছে যে ৰাছিয়াই কেতিয়াও ইউক্ৰেইনক নাটোৰ সদস্যপদ দিবলৈ সন্মত নহ’ব। পুটিনে ইয়াক ৰেড লাইন বুলি অভিহিত কৰিছে। উইটকফৰ মতে, প্ৰস্তাৱিত চুক্তিৰ অধীনত আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে ইউক্ৰেইনক নাটোৰ অনুচ্ছেদ-৫ৰ দৰে নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিব। অনুচ্ছেদ-৫ৰ অধীনত এখন সদস্য দেশৰ ওপৰত আক্ৰমণক সকলোৰে আক্ৰমণ বুলি গণ্য কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *