এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে আন এক আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।ৰাছিয়াই এইবাৰ আক্ৰমণ কৰিছে পোলেণ্ডক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৰাছিয়াই ১৯ টা ড্ৰ’নেৰে আক্ৰমণ কৰে পোলেণ্ডত। যাৰ ৪টা ড্ৰ’ন পোলেণ্ড সেনাই ধ্বংস কৰি পেলোৱা বুলি দাবী উত্থাপন কৰিছে।এক্সিয়েছৰ তথ্য অনুসৰি, বুধবাৰে পোলেণ্ডৰ দেশত কেইটাও ড্ৰ’ন দেখা যায়। এই ড্ৰ’নসমূহ ৰাছিয়াই প্ৰেৰণ কৰিছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে ৰাছিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। যদি এই আক্ৰমণ ৰাছিয়াই কৰিছে তেন্তে নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে। লগতে ক’ব পাৰি এয়া তৃতীয় বিশ্বযুদ্ধৰ আগজাননী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *