ৰাছিয়াৰ বিৰুদ্ধে ভাৰত কঠোৰ হোৱাৰ সম্ভাৱনা

ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ প্ৰতি আমেৰিকা আৰু নাটোৰ ক্ষোভৰ ফলত উদ্বেগ বৃদ্ধি পাইছে ভাৰতৰ। শান্তি চুক্তিৰ বাবে ৰাছিয়া সাজু নহ’লে ৰাছিয়াৰ তেল ক্ৰেতাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিৰ বাবে ৰাছিয়া সাজু নহ’লে ইয়াৰ ওপৰত ১০০% শুল্ক আৰোপ কৰা হ’ব বুলি আমেৰিকাই কয়।নাটোৰ মহাসচিব মাৰ্ক ৰুটে ভাৰত, চীন আৰু ব্ৰাজিলক ভাবুকি দিছিল যে যদি তেওঁলোকে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখে তেন্তে তেওঁলোকৰ ওপৰত ১০০% ৰো অধিক শুল্ক আৰোপ কৰা হ’ব। এই ভাবুকিয়ে ভাৰতৰ বাবে নতুন চিন্তাৰ সৃষ্টি কৰিছে।এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কঠোৰ নিষেধাজ্ঞাৰ ভাবুকিৰ পিছত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নে? এই বিষয়ত ভাৰতৰ পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে আমেৰিকাৰ নিষেধাজ্ঞা আৰোপৰ ভাবুকিৰ প্ৰতি ভাৰতে ভয় নকৰে। আমেৰিকা আৰু নাটোৰ ভাবুকিও ৰাছিয়াৰ সৈতে আলোচনাৰ কৌশল হ’ব পাৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *