‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিকুল ইছলাম নামৰ যুৱকজনক। তেওঁ ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি আপলোড কৰিছিল নিজৰ ইউটিউব চেনেলত।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পাণবজাৰৰ চাইবাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হৈছে। তাৰোপৰি তথ্য-প্ৰযুক্তি আইন ২০০০, কপি ৰাইট আইন ১৯৫৭ আৰু চিনেমেটোগ্ৰাফ আইন ১৯৫২ ৰ অধীনতো ধাৰা সন্নিৱিষ্ট কৰা হৈছে।উল্লেখ্য যে জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ অন্যতম সফল অসমীয়া ছবিত পৰিণত হৈছে। মুক্তিৰ প্ৰথম ১২ দিনতে ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ১৬ কোটি টকা।
মুক্তিৰ প্ৰথম ১২ দিনতে উপাৰ্জন প্ৰায় ১৬ কোটি টকা
