অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আহ্বানেৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত ব’হাগৰ বিহুৰ মঞ্চত পথ-সুৰক্ষা সজাগতা অব্যাহত আছে ৷ এতিয়া বিহুৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ সময়। এই সময়ত সাধাৰণতে পথ-দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা দেখা যায়। সেয়েহে বিভিন্ন কলা-সাংস্কৃতিক মাধ্যমেৰে ৰঙালী বিহুৰ অনুষ্ঠানসমূহত ৰাইজক সহজতে আকৃষ্ট কৰিব পৰাকৈ পথ-সুৰক্ষাৰ জনসচেতনতা সৃষ্টিত গুৰুত্ব দিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। সোমবাৰে এই উপলক্ষে মহানগৰ জিলাখনৰ পাটৰকুছি উদীয়মান যুৱক সংঘৰ ৰঙালী বিহু সন্মিলনীৰ মঞ্চত জনপ্ৰিয় কন্ঠশিল্পী দীনেশ দাস, গোপেশ চৌধুৰী আৰু ৰঞ্জন ইংতিৰ কন্ঠত পথ-সুৰক্ষা সজাগতাৰ গীত পৰিৱেশন কৰা হয়। একেদৰে যানবাহন চলাওঁতে মানি চলিবলগীয়া নীতি-নিয়মৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা বিহু হুচৰি আৰু সজাগতামূলক নাটক পৰিৱেশন কৰি ৰাইজক অধিক সজাগ সচেতন কৰাৰ প্ৰয়াস কৰা হয়।
ৰঙালী বিহুৰ অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়া গৌতম দাসে পথ-সুৰক্ষাক সহজাত অভ্যাস আৰু সংস্কৃতি হিচাপে গঢ়ি তুলিবলৈ ৰাইজৰ প্ৰতি কৰজোৰে আহ্বান জনায়। তেওঁ কয় যে মানৱ সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, আইন-কানুন, শিল্পকলাৰ দৰেই পথ-সুৰক্ষাৰ নীতি-নিয়মসমূহো আমি অন্যতম সংস্কৃতি হিচাপে গ্ৰহণ কৰিব পাৰিব লাগিব। ভাললগা কথা এষাৰ, গীতৰ কলি এটা মনত হঠাতে ভাঁহি উঠাৰ দৰে পথ-সুৰক্ষাৰ নিয়মসমূহো মনত বাজি থাকিব লাগিব। কিয়নো এইসমূহে হৈছে সুৰক্ষিত যাতায়াতৰ আধাৰ, অৱলম্বন ৷ দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট পৰিধান কৰা, নিয়ন্ত্ৰিত গতিতহে বাহন চলোৱা,গাড়ী চলাওতে ম’বাইলত কথা নপতা, সুৰাপান কৰি গাড়ী নচলোৱা আদি সকলো নিয়ম আমাৰ সুৰক্ষিত জীৱনৰ আহ্বান আৰু সংস্কৃতি হিচাপে গ্ৰহণ কৰিব পাৰিলেহে আমি দুৰ্ঘটনামুক্ত হৈ থাকিব পাৰিম বুলি পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে উল্লেখ কৰে।
বিহু মঞ্চৰ পথ-সুৰক্ষা সজাগতাৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থকা দিচাং ৰিজৰ্টৰ স্বত্বাধিকাৰী দীলিপ গগৈয়ে ৰিজৰ্টৰ প্ৰতি বছৰৰ প্ৰতিষ্ঠা দিৱসত কৰ্মচাৰীসকলক হেলমেট প্ৰদান কৰি বাহন চালনাৰ নীতি-নিয়মৰ ক্ষেত্ৰত পাৰ্যমানে সজাগতা সৃষ্টিত মনোনিৱেশ কৰাৰ কথা উল্লেখ কৰে। একেদৰে পাটৰকুছি বিহু মঞ্চৰ অন্যতম অতিথি ড’মিনোজ পিজাৰ স্বত্বাধিকাৰী তৰালী শৰ্মায়ো ৰাইজক অনাগত দিনত পথত সুৰক্ষিত যাতায়াত বজাই ৰাখিবলৈ আহ্বান জনায়।