ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী গৰাখহনীয়া

ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী গৰাখহনীয়াই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত বিহগুৰিৰ দক্ষিণ অঞ্চলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।চকুৰ আগতে মাটিভেটিসহ মৰমৰ ঘৰখন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা দেখি আতংকিত হৈ পৰিছে শতাধিক দৰিদ্ৰ কৃষিজীৱী পৰিয়াল।ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ চূড়ান্ত হেমাহি আৰু গুৰুত্বহীনতাৰ বাবেই নিশাৰ ভিতৰতে ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই ১৯৪৬ চনত স্থাপিত হোৱা ৭৯ বছৰীয়া ঝাৱনী চৰকাৰী প্ৰাথমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। এই ঘটনাই স্বাভাৱিকতেই বৰছলা সমষ্টিৰ বিজেপি বিধায়ক গণেশ কুমাৰ লিম্বু, সাংসদ ৰণজিৎ দত্ত, শোণিতপুৰ জলসম্পদ বিভাগ আৰু অসম চৰকাৰৰ উন্নয়নৰ স্বৰূপটোকে সম্পুৰ্ণৰূপে উদঙাই দিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *