বাহী ভাত আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ?

আজিকালি অধিকাংশ লোকেই ৰাতি ৰৈ যোৱা ভাত ৰাতিপুৱালৈ ব্যৱহাৰ নকৰে। ধাৰণা এয়ে যে, বাহী ভাত স্বাস্থ্যৰ বাবে অপকাৰী। কিন্তু, বাহী ভাত আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ?

বাহী ভাতত ভাল বেক্টেৰীয়া থাকে। যিয়ে গেছৰ লগতে পেটৰ বহু সমস্যাৰ সমাধান দিয়ে।

ওজন হ্ৰাসত সহায়ক
বাহী ভাতৰ গ্লাইচেমিক সূচকাংক কম। অৰ্থাৎ, ই তেজৰ চেনিৰ পৰিমাণ কমায়। সেয়েহে, যদি আপুনি ওজন কমাবলৈ বিচাৰে, বাহী ভাত খাব পাৰে।

নিয়ন্ত্ৰণ কৰে ডায়েবেটিছ
বাহী ভাতত থকা প্ৰতিৰোধী ষ্টাৰচ(Resistant Starch) লাহে লাহে হজম হয়, যিয়ে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।

বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা
বাহী ভাত প্ৰ’বায়টিক। ই ভাল আন্ত্ৰিক বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি, ৰোগ সংক্ৰমণ আৰু ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

শক্তিৰ উৎস
বাহী ভাতত কাৰ্বহাইড্ৰেট থাকে, যিয়ে দীৰ্ঘস্থায়ী শক্তি প্ৰদান কৰে। ৰাতিপুৱা বা দুপৰীয়া এই ভাত খালে শক্তি পোৱা যায় আৰু ভাগৰ কমি যায়।

কি কি সাৱধানতা অৱলম্বন কৰিব ?
বাহী ভাত ঢাকি সদায় ফ্ৰীজত ৰাখিব, কিয়নো ইয়াৰ ফলত বিপজ্জনক বেক্টেৰিয়াৰ জন্ম হ’ব পাৰে। আনহাতে, অতিমাত্ৰা বাহী ভাত খালে খাদ্যত বিষক্ৰিয়া হ’ব পাৰে।

সেয়েহে, বাহী ভাত আৰু কেতিয়াও পেলাই নিদিব। ই কেৱল ওজন হ্ৰাস, আন্ত্ৰিক স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰাই নহয়, শাৰীৰিক শক্তিও প্ৰদান কৰে। সঠিক পৰিমাণত খালে বাহী চাউল আপোনাৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদ হ’ব পাৰে।

বি.দ্ৰ: এই লেখা ইণ্টাৰনেটত লাভ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *