জনিয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত পশ্চিমবঙ্গৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ কৰি হত্যাৰ বিৰুদ্ধে জনিয়া শ্বহীদ ছুহেল ৰানা চ’কত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । জনিয়া আঞ্চলিক কৃষি সভা উদ্যোগত আৰু ৰাইজৰ সহযোগত পশ্চিমবঙ্গ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা জগন্য তথা বৰ্বৰ কাণ্ডৰ ৰাজকথৰ কৃষক সভাই ধ্বনিৰে উত্তল কৰি তোলে ।
অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে অন্যথা গণতান্ত্ৰিক ভাবে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আন্দোলন কাৰী সকলে। উক্ত প্ৰতিবাদী দলটিৰ নেতৃত্ব দিয়ে জনিয়া আঞ্চলিক কৃষক সভাৰ সভাপতি জয়নাল আব্দীনে ।
প্ৰতিবাদকাৰীৰ লগত সহযোগ কৰে জনিয়া সালেকুৰা বজাৰ কমিটিৰ সম্পাদক ছাহজাহান আলী আৰু অন্যান্য সদস্য সকল ।