উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ বাবে ২০২৫ বৰ্ষটো এক অভিলেখকাৰী বছৰ হিচাপে বিবেচিত হৈছে। বৰ্ষটোত বিমানবন্দৰটোৱে ঘৰুৱা আৰু আন্তৰ্জাতিক উভয় ক্ষেত্ৰতে অভূতপূৰ্ব যাত্ৰীৰ ভিৰ চম্ভালিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা এটা বছৰত মুঠ ৭.০১ নিযুত যাত্ৰীয়ে এই বিমানবন্দৰটো ব্যৱহাৰ কৰিছে, যিটো ইয়াৰ ইতিহাসত এক উল্লেখনীয় সফলতা।
উক্ত যাত্ৰীসকলৰ ভিতৰত ৩৫ লাখ ঘৰুৱা আগমণ আৰু ৩৪ লাখ ঘৰুৱা প্ৰস্থান পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে, ২০২৫ চনৰ ৫ অক্টোবৰত বিমানবন্দৰটোৱে এদিনতে সৰ্বাধিক ২২,০৮৯ গৰাকী যাত্ৰীক সেৱা আগবঢ়াই এক অনন্য অভিলেখ গঢ়ে। আদানি এয়াৰপৰ্ট হোল্ডিংস লিমিটেডৰ দ্বাৰা পৰিচালিত এই বিমানবন্দৰটোৱে কেৱল ঘৰুৱাই নহয়, আন্তৰ্জাতিক পৰ্যায়তো নিজৰ পৰিসৰ বৃদ্ধি কৰিছে। পেৰু, বেংকক আৰু ছিংগাপুৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাৰ পাছত আন্তৰ্জাতিক যাত্ৰীৰ সংখ্যাও বুজন পৰিমাণে বৃদ্ধি পাইছে।
তদুপৰি, কাৰ্গ’ বা পণ্য পৰিবহণৰ ক্ষেত্ৰতো বিমানবন্দৰটোৱে চমকপ্ৰদ অগ্ৰগতি লাভ কৰিছে। ডিচেম্বৰ মাহত বিমানবন্দৰটোৰ কাৰ্গ’ টাৰ্মিনেলত সৰ্বাধিক ১,৩৬২ মেট্ৰিক টন সামগ্ৰী পৰিবহণ কৰা হয়। কেৱল ২২ ডিচেম্বৰৰ দিনাই ৬০ মেট্ৰিক টন সামগ্ৰী কঢ়িয়াই বিমানবন্দৰটোৱে একক দিনৰ সৰ্বোচ্চ টনৰ অভিলেখ ভংগ কৰে। সমগ্ৰ বছৰটোত মুঠ ৩২,৯৯০ মেট্ৰিক টন পণ্য সৰবৰাহেৰে বৰঝাৰ বিমানবন্দৰ এতিয়া অঞ্চলটোৰ এক অন্যতম বাণিজ্যিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
ইফালে, বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে আন্তঃগাঁথনিৰ ধাৰাবাহিক উন্নয়নে এই বৃহৎ সংখ্যক যাত্ৰী আৰু পণ্য সুচাৰুৰূপে চম্ভালিবলৈ সক্ষম কৰি তুলিছে। ঘৰুৱা খণ্ডত ৪৭,৫৫০ টা আৰু আন্তৰ্জাতিক খণ্ডত ১,০০০ খন বিমানৰ চলাচল ২০২৫ বৰ্ষত সম্পন্ন হয়। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান যোগাযোগ কেন্দ্ৰ হিচাপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰে অনাগত দিনত যাত্ৰীসকলক অধিক উন্নত সেৱা আগবঢ়োৱাৰ লক্ষ্য স্থিৰ কৰিছে।
