ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই

গণৰাজ্য দিৱসত নাৰী শক্তিৰ জয়গান। কৰ্তব্য পথত প্ৰতিফলন ভাৰতীয় নাৰীৰ শক্তি আৰু সামৰ্থ্য। কৰ্তব্য পথত সোমবাৰে ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই। প্ৰথমবাৰলৈ চিআৰপিএফৰ পুৰুষ দলক পেৰেডত নেতৃত্ৱ দিলে মহিলা বিষয়াই। ২৬ বছৰীয়া সহযোগী কমাণ্ডেণ্ট ছিমৰন বালাই নেতৃত্ৱ দিলে চিআৰপিএফৰ ১৪০ জনীয়া পুৰুষ দলটোক। ৭৭সংখ্যক গণৰাজ্য দিৱসত অনন্য কৃতিত্ৱৰ গৰাকী হ’ল ছিমৰন বালা। ভাৰতীয় সুৰক্ষা বাহিনীত নাৰী শক্তিৰ অগ্ৰগতি, সমানতা আৰু নেতৃত্ৱৰ পৰিচায়ক হৈ ৰ’ল ছিমৰন বালা।সীমান্তৰ গাঁৱৰ পৰা কৰ্তব্য পথলৈ। এক বৰ্ণিল যাত্ৰা ২৬ বছৰীয়া ছিমৰন বালাৰ। জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সীমান্ত অঞ্চল নৌছেৰাত জন্মলাভ কৰিছিল ছিমৰনে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *