ৰেপিডো চালকৰ কৰ্মকাণ্ডই জোকাৰিলে বেংগালুৰ! মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ

কর্মব্যস্ত মহানগৰীৰ ৰাজপথত এগৰাকী মহিলা যাত্ৰীৰ সুৰক্ষা আৰু মৰ্যাদাক লৈ এতিয়া পুনৰ এক গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা হৈছে। বেংগালুৰু চহৰত এগৰাকী মহিলা যাত্ৰীক বাইক টেক্সীৰে যাত্ৰা কৰি থকাৰ সময়ত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন ৰেপিডো চালকক গ্ৰেপ্তাৰ কৰে। যোৱা বুধবাৰে পুৱা সংঘটিত এই নজৰবিহীন ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভুক্তভোগী ২৯ বছৰীয়া মহিলাগৰাকী নাগাৰাভাৱিৰ বাসিন্দা আৰু তেওঁ এখন আগশাৰীৰ আই টি ফাৰ্মত মেনেজাৰ হিচাপে কৰ্মৰত। কৰ্মক্ষেত্ৰলৈ যাবলৈ পলম হোৱাৰ বাবে তেওঁ পুৱা প্ৰায় ৮ বজাত ৰেপিডো বুক কৰিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৩৭ বছৰীয়া চালক ৰোহিতে যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পাছতে মহিলাগৰাকীৰ সৈতে অভদ্ৰ আচৰণ কৰে আৰু অশালীনভাৱে স্পৰ্শ কৰে। মহিলাগৰাকীয়ে বাৰে বাৰে সঁকীয়াই দিয়াৰ পাছতো চালকজনে বাইকখন ৰখাবলে অস্বীকাৰ কৰি চলাই গৈ থাকে। পৰৱৰ্তী সময়ত চালকজনে এটা আণ্ডাৰপাছৰ ওচৰত বাইকখন ৰখাই পুনৰ নিৰ্যাতন চলোৱাৰ চেষ্টা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সেই সময়তে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰতে থকা ট্ৰাফিক আৰক্ষী আৰু হোৱাছালা পেট্ৰ’ল টীমৰ দৃষ্টি আকৰ্ষণ হয়। ইয়াৰ পাছতে ভুক্তভোগী মহিলাগৰাকীয়ে অন্নপূৰ্ণেশ্বৰী নগৰ আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰে।

অভিযোগকাৰীয়ে প্ৰদান কৰা যাত্ৰাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ৰোহিতক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আদালতে অভিযুক্ত চালকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ইফালে, এপ ভিত্তিক পৰিবহন সেৱা ব্যৱহাৰ কৰা যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *