ঘোষণা হ’ল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ঘোষণা হ’ল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । ‘ৰঙাটাপু ১৯৮২’ লৈ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান । উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক বঁটা ।আনহাতে, টাই-ফাকে ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে ‘Pai Tang… Step of Hope’ মানৰ ছবিখনে । এই ছবিখনৰ প্ৰযোজক নৱ কুমাৰ ভূঞা আৰু পৰিচালক প্ৰবাল খাউণ্ড । একেদৰে, নন-ফিচাৰ ছবি শাখাত শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিছে শিল্পীকা বৰদলৈয়ে । ইয়াৰ উপৰি উৎপল দত্তই লাভ কৰিছে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণ কমল বঁটা ।ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শুকুৰবাৰে নতুন দিল্লীত এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে বিভিন্ন শাখাৰ বিজয়ীসকলৰ নাম ।বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবি ‘ৰঙাটাপু ১৯৮২’ ছবিখনৰ প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে । আনহাতে, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস আৰু অভিনেতা গুঞ্জন ভৰদ্বাজে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *