মৃত্যুদূতৰ ৰূপত ৰাজধানী এক্সপ্ৰেছ! নিশা ৰে’লৰ খুন্দাত নিথৰ ৮টা বন্যহস্তী

নিশাৰ অন্ধকাৰত সংঘটিত এক ভয়াৱহ ৰেল দুৰ্ঘটনাই ৮টাকৈ বন্যহস্তীকে প্রাণ হেৰুৱাবলৈ বাধ্য কৰিছে। ২১ মার্চ ৱতি নিশা লাগৰ সময়ত নগাঁও আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী যমুনামুখ-কামপুৰৰ সংমণ্ডলত চাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ সহিত সংঘৰ্ষ হোৱা এই দুৰ্ঘটনাৰ ফলত ৰেলখনৰ ইঞ্জিনসহ ৫টাকৈ দবা লাইনচ্যুত হয়। সৌভাগ্যক্রমে এই দুৰ্ঘটনাত কোনো যাত্রী আহত হোৱা নাই, যদিও এটি হাতী পোৱালি গুৰুতৰভাৱে আহত হয়।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা জনোৱা মতে, হাতীৰ এক জাকটোৱে ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰি আছিল। ৰেল চালকজনে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ করা সত্বেও খুন্দা অতি তীব্ৰ আছিল। ঘটনাস্থলীৰ অৱস্থান গুৱাহাটীচাৰ পৰা প্ৰায় ১২৬ কিলোমিটাৰ দূৰত অৱস্থিত। ঘটনাৰ পাছত, সেই পথত ৰেল যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈছে আৰু কেইবাখনো ৰেলৰ পথ সলনি কৰা হৈছে।

বন বিভাগ আৰু ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে। ৰেলৱে কৰ্তৃপক্ষই জানিবলৈ দিছে যে ঘটনাস্থলীত হোৱা ঘটনা চৰকাৰীভাৱে ‘হাতী কৰিডৰ’ হিচাপে চিহ্নিত নহয়। আহত হাতী পোৱালিটোক উন্নত চিকিৎসাৰ বাবে চেষ্টা চলাই গৈছে। এই হৃদয়বিদাৰক ঘটনাই বন্যপ্ৰাণী সুৰক্ষা আৰু ৰেলৰ তীব্ৰতাক লৈ নতুন এক প্ৰশ্নৰ অৱতাৰণা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *