মধ্যপ্ৰদেশৰ ইন্দোৰৰ ভাগীৰথপুৰা অঞ্চলত দূষিত পানী সেৱন কৰাৰ ফলত সংঘটিত বিষক্ৰিয়াৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক আজি সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলক মুম্বাই হাস্পতালত সাক্ষাৎ কৰি গান্ধীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। এই শোকাৱহ ঘটনাত ইতিমধ্যে ১২ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে যদিও চৰকাৰী তথ্য অনুসৰি এই সংখ্যা মাত্ৰ ৬ জনহে। বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰী অৱহেলাৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘বিজেপিৰ স্মাৰ্ট চিটী মডেলত এতিয়া পানী, বায়ু আৰু ঔষধতো বিষ মিহলি হৈছে। যিসকলৰ বাবে এই ঘটনা ঘটিল, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’’ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব লাগে বুলিও তেওঁ দাবী জনায়।
সাক্ষাৎকালত ৰাহুল গান্ধীয়ে প্ৰতিটো শোকসন্তপ্ত পৰিয়ালক সহায় হিচাপে ১ লাখ টকাকৈ চেক প্ৰদান কৰে। মণিষ পাৱাৰ নামৰ এজন ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, গান্ধীয়ে তেওঁলোকক সাহস যোগোৱাৰ লগতে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছে। আনহাতে, চানু প্ৰজাপত নামৰ আন এগৰাকী মহিলাই কয় যে চৰকাৰে ২ লাখ টকাৰ চেক দিছে যদিও মানুহৰ জীৱনৰ কোনো মূল্য নাই। তেওঁলোকে চৰকাৰৰ পৰা ধনতকৈ বিশুদ্ধ খোৱাপানীৰহে স্থায়ী সমাধান বিচাৰিছে। উল্লেখ্য যে ভাগীৰথপুৰাৰ বাসিন্দাসকলে এই দুৰ্ঘটনাত ২৪ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। আনহাতে, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত দাখিল কৰা স্থিতি প্ৰতিবেদনত চৰকাৰে এতিয়ালৈকে এটি পাঁচ মহীয়া শিশুসহ সাতজন লোকৰ মৃত্যু হোৱা বুলিহে স্বীকাৰ কৰিছে। ৰাহুল গান্ধীয়ে এই সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰি ভুক্তভোগীসকলক ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
