ৰাহুল গান্ধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।ছয়গাঁৱত উপস্থিত হৈ গান্ধীয়ে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰ সামাজিক মাধ্যমৰ জৰিয়তে দিয়ে।উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী অসমলৈ আহিছিল। এই সময়চোৱাত ছয়গাঁৱত বিশাল জনসভা সম্বোধন কৰি গান্ধীয়ে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছিল। গান্ধীৰ অভিযোগতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী শৰ্মাই।গান্ধীয়ে ভাৰতৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাক আখ্যা দি কৈছিল যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে যি কৰিছে তাৰ পৰিণাম এদিন ভুগিব লাগিব। তেওঁ ভাৰতৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। গতিকে তেওঁ নিৰ্বাচনৰ পাছতে জেললৈ যাব লাগিব।”জে’লত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী জে’লত নাযাব কি গেৰান্টি আছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা এজনৰ মুখত এইবোৰ কথা শোভা নাপায়।” ছয়গাঁৱৰ সভাত ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ…
ৰাহুল গান্ধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ
