টাইম আলোচনীৰ “উইমেন অব দ্য ইয়েৰ ২০২৫” তালিকাত স্থান পূর্ণিমা দেৱী বৰ্মনৰ

ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনিলে হাড়গিলা সংৰক্ষণৰ সৈতে জড়িত পূর্ণিমা দেৱী বৰ্মনে। তেওঁ পুনৰ জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে সংৰক্ষণবিদ পূর্ণিমা দেৱী বৰ্মনক টাইম আলোচনীৰ “উইমেন অব দ্য ইয়েৰ ২০২৫” তালিকাত স্থান দিয়া হৈছে।

এই তালিকাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা স্থান লাভ কৰা ১৩ গৰাকী বিশিষ্ট মহিলাৰ ভিতৰত পূৰ্ণিমা দেৱী বৰ্মন হৈছে  একমাত্ৰ ভাৰতীয় মহিলা। তেওঁ হাড়গিলা সংৰক্ষণৰ সৈতে জড়িত। এই ১৩ গৰাকী বিশিষ্ট মহিলাৰ তালিকাত আছে ফ্ৰান্সৰ অভিনেত্রী নিক’ল কিডমেন আৰু গিছেল পেলিকট, যাক তেওঁৰ স্বামীয়ে বলপূর্বকভাৱে ড্ৰাগছ সেৱন কৰাইছিল।

আনহাতে, যৌন উৎপীড়নৰ বিৰুদ্ধে বিশ্বজনীন চেলিব্রিটি হোৱাৰ পূৰ্বে তেওঁ ৭০ জনতকৈও অধিক পুৰুষৰ বলাৎকাৰৰ বলি হৈছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *