হাৰ্দিক পাণ্ডিয়াৰ উপৰিও তিলক বাৰ্মাই ১০ টা চাৰি আৰু এটা ছিক্সাৰে ৭৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইয়াৰ পূৰ্বে সঞ্জু চেমচন আৰু অভিষেক শৰ্মাই পাৱাৰপ্লেৰ ভিতৰতে ভাৰতক এক দ্ৰুত আৰম্ভণি প্ৰদান কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বলাৰ কৰ্বিন বচে ৪৪ ৰান দি ২ টা উইকেট দখল কৰে যদিও আন বলাৰসকল বিশেষ সফল হোৱা নাছিল। লুগি এনগিডিয়ে সুন্দৰ নিয়ন্ত্ৰিত বলিং কৰি ৪ অভাৰত মাত্ৰ ২৭ ৰান খৰচ কৰে। খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাজিত কৰি ছিৰিজটো ৩-১ ব্যৱধানেৰে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।
বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰিয়ংকা গান্ধীৰ, ভাৰত চৰকাৰক আহ্বান
