ভাৰত আৰু ইজৰাইলৰ মাজৰ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুধবাৰে প্ৰদান কৰা হয় ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান ‘স্পীকাৰ অব দ্য কনেছেট মেডেল’। ইজৰাইল ভ্ৰমণৰ সময়ত দেশখনৰ সংসদত দিয়া ভাষণৰ পাছতে কনেছেটৰ অধ্যক্ষ আমিৰ ওহানাই মোদীক বিভূষিত কৰে এই বিশেষ সন্মানেৰে। উল্লেখযোগ্য যে, এই সন্মান লাভ কৰা নৰেন্দ্ৰ মোদীয়েই হ’ল বিশ্বৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা।
প্ৰধানমন্ত্ৰীগৰাকীৰ ব্যক্তিগত নেতৃত্বৰ ফলত যোৱা কেইবছৰমানত ভাৰত আৰু ইজৰাইলৰ মাজত এক সুদৃঢ় মিত্ৰতা গঢ় লৈ উঠিছে। এই কথা স্বীকাৰ কৰি ইজৰাইল সংসদৰ অধ্যক্ষগৰাকীয়ে কয়, “ভাৰত আৰু ইজৰাইলৰ মাজৰ কৌশলগত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে যি অনন্য অৱদান আগবঢ়াইছে, তাৰ বাবেই তেওঁক এই সন্মানেৰে বিভূষিত কৰা হৈছে।” তেওঁ লগতে কয়, “ভাৰতৰ দৰে এখন বৃহৎ গণতান্ত্ৰিক দেশৰ সৈতে ইজৰাইলৰ অংশীদাৰিত্ব ভৱিষ্যতে আৰু অধিক শক্তিশালী হ’ব।”
কনেছেটত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু ইজৰাইলৰ উদ্ভাৱনী শক্তিয়ে এক ‘প্ৰাকৃতিক ভেটি’ গঢ়ি তুলিছে বুলি মন্তব্য কৰে। তেওঁ কয়, “আমাৰ দ্বিপাক্ষিক বাণিজ্য যোৱা কেইবছৰমানত যথেষ্ট বৃদ্ধি পাইছে যদিও এয়া আমাৰ প্ৰকৃত সম্ভাৱনাৰ তুলনাত কম।” তেওঁ লগতে কয়, “সেইবাবেই আমাৰ দলসমূহে এখন উচ্চাভিলাষী মুক্ত বাণিজ্য চুক্তিক লৈ কাম কৰি আছে, যিয়ে আমাৰ বাণিজ্যিক সম্পৰ্কত থকা অপৰিসীম সম্ভাৱনাক মুকলি কৰিব।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সেইগৰাকী বিৰল নেতা, যিয়ে ইজৰাইল আৰু পেলেষ্টাইন— দুয়োখন দেশৰে সৰ্বোচ্চ সন্মান লাভ কৰিছে। উল্লেখ্য যে, ২০১৮ চনত পেলেষ্টাইন ভ্ৰমণৰ সময়ত মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কলাৰ অব দ্য ষ্টেট অব পেলেষ্টাইন’ প্ৰদান কৰা হৈছিল। পেলেষ্টাইনৰ পাছত এতিয়া ইজৰাইলৰ সংসদীয় সন্মান লাভ কৰি মোদীয়ে বিশ্ব ৰাজনীতিত ভাৰতৰ সন্তুলিত বিদেশ নীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।
