১৭ জানুৱাৰীত অসমত প্ৰধানমন্ত্ৰী মোদী! কাজিৰঙাক লৈ কেন্দ্ৰৰ ডাঙৰ ঘোষণা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৭ জানুৱাৰী পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব। তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৩৫০ কিলোমিটাৰ জোৰা উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, ৬,৯৫৭ কোটি টকাৰ ব্যয়ে নিৰ্মিত হ’ব লগা এই সেতুখনে কাজিৰঙা আৰু বোকাখাতৰ মাজৰ দূৰত্ব হ্ৰাস কৰি বন্যপ্ৰাণীৰ নিরাপদ যাতায়ত সুনিশ্চিত কৰিব, বিশেষকৈ বানৰ সময়ত। নতুন পথ নিৰ্মাণৰ ফলত নামনি অসম আৰু উজনি অসমৰ মাজত ভ্ৰমণৰ সময় প্ৰায় এক ঘণ্টা কমিব।

তেখেতৰ এই ভ্ৰমণত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’ল আৰম্ভ হ’ব, যি গুৱাহাটী আৰু কলকাতাৰ মাজত চলাচল কৰিব। গুৱাহাটীৰ ষ্টেডিয়ামত ৮,০০০ ৰ পৰা ১০,০০০ জন শিল্পীৰ সৈতে ‘বাগৰুম্বা’ নৃত্য অনুষ্ঠানতো অংশ ল’ব, যি অসমৰ সাংস্কৃতিক বৈচিত্ৰময়তাক বিশ্বৰ সমুখত উপস্থাপন কৰিব। লগতে, অন্য দুখন বিশেষ ৰে’লৰো ফ্লেগ অফ প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বাৰা অনুষ্ঠিত হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *