ক্রিষ্টিয়ানো ৰোনাল্ডোৰ নেতৃত্বত পর্তুগালে ইউএফএ নেচনছ লীগৰ খিতাপ দখল কৰি পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিলে৷ সোমবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত পৰ্তুগালে পেনাল্টি শ্বুটআউটত স্পেইনক ৫-৩ গ’লত পৰাস্ত কৰে। নিৰ্দিষ্ট সময়লৈকে দুয়োটা দল ২-২ গ’লত সমতাত আছিল। খেলখন স্পেইনৰ সপক্ষে আৰম্ভ হৈছিল যেতিয়া ২১ মিনিটত মাৰ্টিন জুবিমেণ্ডীয়ে দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় গ’ল দি দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। কিন্তু পৰ্তুগালে অতি সোনকালেই উভতি আহি নুনো মেণ্ডেছে ৰোনাল্ডোৰ সহায়ত এক সুন্দৰ গ’ল দি স্ক’ৰ ১-১ কৰে।
প্ৰথমাৰ্ধৰ শেষৰ ফালে স্পেইনে পুনৰ অগ্ৰগতি লাভ কৰে। মিডফিল্ডাৰ পেড্ৰিৰ এক সুন্দৰ পাছত মাইকেল অয়াৰজাবালে গ’ল দি দলটোক ২-১ গ’লত অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে দ্বিতীয়ার্ধত পুনৰবাৰ সুযোগৰ সুযোগ লৈ ৰোনাল্ডোৱে ১৩৮ সংখ্যক আন্তর্জাতিক গ’ল দি পর্তুগালক সমতা স্থাপন কৰে৷ খেলখনৰ শেষ মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰি থৈ যায় ৰোনাল্ডো। অতিৰিক্ত সময়তো দুয়োটা দলৰ মাজত কোনো পাৰ্থক্য দেখা নগ’ল আৰু মেচখন পেনাল্টি শ্বুটআউটত উপনীত হয়। স্পেইনৰ আলভাৰো মৰাটা মিছ কৰাৰ বিপৰীতে পৰ্তুগালে পাঁচোটা পেনাল্টি ৰূপান্তৰিত কৰে।
শেষৰটো কিক ৰুবেন নেভেছে দি দ্বিতীয়বাৰৰ বাবে পৰ্তুগাল নেচনছ লীগৰ চেম্পিয়ন হয়। এই জয়ৰ পাছতো ক্রিষ্টিয়ানো ৰোনাল্ডোৱে চকুলো টুকিলে ৷ এইখন সম্ভৱতঃ তেওঁৰ শেষৰখন ডাঙৰ প্ৰতিযোগিতা হ’ব পাৰে আৰু দলটোক ট্ৰফীলৈ লৈ যোৱাৰ পিছত তেওঁ আৱেগিক হৈ পৰিছিল। ৪০ বছৰ বয়সতো তেওঁৰ আবেগ আৰু অভিনয় তেওঁৰ অনুৰাগীৰ বাবে প্ৰেৰণা হৈয়েই থাকিল। ছেমি ফাইনেলত ফ্ৰান্সক ৫-৪ গ’লত পৰাস্ত কৰি স্পেইনে ফাইনেলত প্ৰৱেশ কৰিছিল আৰু ২০২৩ চনৰ মাৰ্চ মাহৰ পিছত অপৰাজিত হৈ আছিল।