দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত প্ৰধানমন্ত্ৰীৰ আজি দ্বিতীয়টো দিন। শনিবাৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগুৰুম্বা প্ৰদৰ্শন কৰাৰ পিছত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এইবাৰ বহুকোটি টকাৰ উপহাৰ দিবলৈ সাজু হৈছে অসমবাসীক।ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে সুঁৱৰে কাজিৰঙাত পূৰ্বে অহা অভিজ্ঞতাৰ কথা। তেওঁ কয়, “দুবছৰৰ পূৰ্বে কাজিৰঙাত অতিবাহিত কৰা মোৰ সেই সময় জীৱনৰ বহুত বিশেষ অনুভৱৰ সৈতে যোগ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰাৰ সুবিধা পাইছিলো আৰু পিছদিনা পুৱা হাতী ছাফাৰীৰৰ সহায়ত সেই ক্ষেত্ৰৰ সুন্দৰতাক অনুভৱ কৰিছোঁ। মোৰ সদায় অসমলৈ আহি বেলেগ আনন্দ লাগে। এই ভূমি বীৰৰ ভূমি!”৬,৯৫৭কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰ। যিটো প্ৰকল্পই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা NH-715 ৰ ৪-লেন যুক্ত কৰা আৰু ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব, যাতে বানপানীৰ সময়ত বন্যপ্ৰাণীয়ে সুৰক্ষিতভাৱে কাৰ্বি আংলং পাহাৰলৈ পাৰ হ’ব পাৰে, আৰু এই প্ৰকল্পই পৰ্যটনৰ লগতে অঞ্চলটোৰ সংযোগ ব্যৱস্থাও উন্নত কৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *