হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ স্বনামধন্য বেহেলা বাদক মিনতি খাউণ্ডৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ আৰু হৃদৰোগজনিত সমস্যাত ভুগি থকা সংগীতশিল্পীগৰাকী বিগত ৪০ দিন ধৰি চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত ৰাজ্যৰ সংগীত সমাজত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে।
১৯৪০ চনত জন্মগ্ৰহণ কৰা মিনতি খাউণ্ডৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল মাত্ৰ ১০ বছৰ বয়সতে। যোৰহাটৰ দৰ্পনাথ শৰ্মা সংগীত বিদ্যালয়ত ইন্দ্ৰেশ্বৰ শৰ্মাৰ তত্ত্বাৱধানত তেওঁ বেহেলাৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৭২ চনত সদৌ অসম সংগীত সন্মিলনত তেওঁৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি কিংবদন্তি বেহেলা বাদক পণ্ডিত ভি জি যোগে তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰে। ইয়াৰ উপৰি তেওঁ পণ্ডিত বুদ্ধদেৱ দাসগুপ্ত আৰু পণ্ডিত এ টি কাননৰ দৰে মহান মনিষীৰ ওচৰতো সংগীতৰ শিক্ষা লাভ কৰিছিল। পাঁচ দশক জোৰা দীৰ্ঘ সংগীত জীৱনত মিনতি খাউণ্ডে দেশ-বিদেশৰ বহু মৰ্যাদাপূৰ্ণ মঞ্চত নিজৰ কলা প্ৰদৰ্শন কৰিছিল। লণ্ডনৰ নেহৰু কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মুম্বাইৰ কালা ঘোড়া মহোৎসৱলৈকে তেওঁৰ বেহেলাৰ সুৰে শ্ৰোতাক মোহিত কৰিছিল। শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক ‘শিল্পী বঁটা’, ‘সংগীত জ্যোতি বঁটা’কে ধৰি চৰকাৰী শিল্পী পেন্সনেৰে সন্মানিত কৰা হৈছিল। তেওঁৰ আৰু জীয়ৰী সুনীতা খাউণ্ডৰ দ্বাৰা পৰিৱেশিত ‘ইনভকেচন অৱ মা’ শীৰ্ষক এলবামটোৱে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। কেৱল এগৰাকী শিল্পীয়েই নহয়, মিনতি খাউণ্ড আছিল এগৰাকী একনিষ্ঠ গুৰু আৰু সংগীত চিন্তাবিদ। তেওঁ বহু ন-শিকাৰুক বেহেলা বাদনৰ শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন কাকত- আলোচনীত সংগীত বিষয়ক প্ৰবন্ধ লিখি শাস্ত্ৰীয় সংগীতৰ চৰ্চাক আগুৱাই লৈ গৈছিল। আজি নৱগ্ৰহ শ্মশানত বিশিষ্ট শিল্পীগৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ সূত্ৰই জনাইছে।
