আৱামী লীগক নিষিদ্ধ কৰাৰ পাছত বাংলাদেশত আজি অনুষ্ঠিত হয় ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ। অন্তৱৰ্তীকালীন মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত এখন তত্ত্বাৱধায়ক চৰকাৰৰ তত্ত্বাৱধানত সমগ্ৰ দেশজুৰি এই ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসনকালৰ অন্ত পৰাৰ পাছত এয়া দেশখনৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক মোৰ হিচাপে বিবেচিত হৈছে।
বাংলাদেশৰ ৩০০টা সংসদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত প্ৰায় ন কোটি ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত প্ৰায় ১ কোটি ৮৩ লাখ নতুন ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰাৰ সুযোগ লাভ কৰে। নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা মুঠ ১,৯৮১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত বাংলাদেশ নেচনেলিষ্ট পাৰ্টি আৰু জামায়াতে ইছলামীৰ দৰে মুখ্য দলসমূহৰ স্থিতি এইবাৰ বিশেষভাৱে লক্ষণীয় হৈ পৰিছে।
শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ দেশজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গৃহ উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মহম্মদ জাহাঙ্গীৰ আলম চৌধুৰীয়ে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়ানি প্ৰদান কৰিছে। সংসদীয় নিৰ্বাচনৰ সমান্তৰালভাৱে অন্তৱৰ্তীকালীন চৰকাৰী ব্যৱস্থাৰ সংশোধনীৰ সন্দৰ্ভত এক গণভোটো অনুষ্ঠিত কৰা হৈছে।
ভোটগ্ৰহণৰ ঠিক পাছতেই গণনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে। দুৰ্নীতি নিৰ্মূলকৰণ আৰু অৰ্থনৈতিক উন্নয়নক মূল ইছ্যু হিচাপে লৈ অনুষ্ঠিত হোৱা এই নিৰ্বাচনে বাংলাদেশৰ ভৱিষ্যতৰ ৰাজনৈতিক স্থিৰতা কিদৰে নিৰ্ধাৰণ কৰে, সেয়া এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।
