বিৰোধীৰ কণ্ঠৰোধৰ অভিযোগত কঁপিল সংসদ; অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কত বিৰোধী দলপতি ৰাহুল গান্ধীক বক্তব্য ৰাখিবলৈ বাধা দিয়াৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে লোকসভাৰ মজিয়া। সংসদীয় মৰ্যাদা আৰু নিৰপেক্ষতাৰ প্ৰশ্ন তুলি অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে আজি এক অভূতপূৰ্ব অনাস্থা প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছসহ বিৰোধী দলসমূহে। লোকসভাৰ কাৰ্যবিধিৰ ধাৰা ৯৪চি অনুসৰি এই ঐতিহাসিক জাননী ইতিমধ্যে লোকসভা সচিবালয়ৰ মহাসচিবৰ হাতত অৰ্পণ কৰা হৈছে।

কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে সদৰী কৰা মতে, মুঠ ১১৯ জন সাংসদৰ স্বাক্ষৰ সম্বলিত এই জাননী আজি দিনৰ ১:১৪ বজাত আনুষ্ঠানিকভাৱে দাখিল কৰা হয়। বিৰোধীৰ দাবী যে যিহেতু অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা হৈছে, সেয়েহে ওম বিৰলাই বৰ্তমান সদনৰ কাম-কাজ পৰিচালনা কৰাৰ নৈতিক অধিকাৰ হেৰুৱাইছে। এই অচলৱস্থাৰ বাবেই বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰা সদনত এক তীব্ৰ হুলস্থূলীয়া পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়।

সংসদৰ এই জটিল সন্ধিক্ষণত অচলাৱস্থা দূৰ কৰাৰ লক্ষ্যৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো দলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। চৰকাৰী পক্ষই বিৰোধীৰ এই পদক্ষেপক সংসদীয় পৰম্পৰাৰ অৱমাননা বুলি অভিহিত কৰিলেও বিৰোধীয়ে নিজৰ স্থিতিত অটল থাকি অধ্যক্ষৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সংকল্প লৈছে। সংসদীয় ইতিহাসত এই ঘটনাই এক নতুন বিতৰ্কৰ সূচনা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *