পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

74

বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতপৰেশ বৈশ্য ফাউণ্ডেচনে বিশিষ্ট শিক্ষাবিদ, সমালোচক  ড. দয়ানন্দ পাঠকক শংকৰদেৱ অধ্যয়ন বঁটা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক  ড. মাধুৰ্য্যমণ্ডিত বৰুৱাক অসম-ইতিহাস গৱেষণা বঁটা প্ৰদান কৰে।বঁটা হিচাপে দুয়োগৰাকী কৃতবিদ্যক ফুলাম গামোচা, চেলেং, জাপি, শৰাই, ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানতেই বৰপেটাৰ তিনি গৰাকী বৰেণ্য অশীতিপৰ ব্যক্তি ক্ৰমে শিক্ষাবিদ ,সংতীতজ্ঞ  সত্যকৃষ্ণ মিশ্ৰক গামোছাৱ,শৰাই ,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷

এই অনুষ্ঠানৰ পিছত অসুস্থতাৰ হেতু সম্বৰ্ধনা সভাত উপস্থিত থাকিব নোৱাৰা শিক্ষাবিদ জগন্নাথ দাস আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমী  অমৃত  বঁটা প্ৰাপক গুৰু প্ৰসাদ ওজাক ফুলাম গামোচা, শৰাই আৰু মানপত্ৰৰে   তেওঁলোকৰ নিজ গৃহত  সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম ইতিহাস গৱেষণা বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ড. মাধুৰ্য্যমণ্ডিত বৰুৱাই কয় যে অসমৰ প্ৰচলিত অসম বুৰঞ্জীত বহু বিষয় এতিয়াও অসীমাংসিত হৈয়েই আছে। প্ৰাচীন অসমত  যিকেইটা কছাৰী ৰাজবংশৰ শাসন চলিছিল সেই কেইটাৰ ভিতৰত কেৱল  ত্ৰিপুৰী সকলেহে অসমীয়া ভাষা-লিপিক ৰাজকীয় মৰ্য্যদা দিছিল ৷

পৰেশ বৈশ্য ফাউণ্ডেচনৰ  ন্যাসৰক্ষী  ৰাকেশ প্ৰকাশ দাসে আঁত ধৰা উক্ত অনুষ্ঠানত বিশিষ্ট  সাহিত্যক কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক  অক্ষয় কুমাৰ মিশ্ৰই মুখ্য অতিথি হিচাপে ভাষণ দি কয় যে পৰেশ বৈশ্য এজন কৰ্ম- সংস্কৃতিত বিশ্বাস কৰা লোক। তেওঁ পৰেশ বৈশ্য ফাউণ্ডেচনৰ পোহৰ বিদ্যালয়ৰ জৰিয়তে কৰি অহা কামে সমাজত এক ইতিবাচক প্ৰভাৱ পৰা বুলি উল্লেখ কৰে । অনুষ্ঠানত বৰপেটা বিশিষ্ট সাহিত্যিক দীনেশ দাস, নৱজ্যোতি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা পাঞ্চালী বৈশ্য প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।