পলাশবাৰী – শুৱালকুছি দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ  মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত প্ৰায় এক বছৰ চাৰি মাহ ধৰি চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম । দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশত দলং, সুৰংগ আদিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম থকা লাৰ্চেন এণ্ড টাৰ্বো ( এল এণ্ড টি ) নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। ইফালে দুয়োটা মূৰৰ পৰা চলি থকা দলঙৰ নিৰ্মাণকাৰ্যৰ বাবে দুয়োফালে ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰায় ৭০০ জনৰো অধিক শ্ৰমিক দিনে নিশাই দলং নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ আছে । ইফালে দলং নিৰ্মাণকাৰী  প্ৰতিষ্ঠানটোৱে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে ২৮  জানুৱাৰীত  দলংখনৰ দুয়োটা মূৰ ক্ৰমে – মাজিৰগাওঁ আৰু শুৱালকুছিত পথ দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে পথ সুৰক্ষা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।

এল এণ্ড টি কোম্পানীৰ সুৰক্ষা বিভাগৰ ( ই এইচ এছ ) মূৰব্বী পংকজ ৰাজপুতৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত কেবাজনো  কাৰ্যবাহীয়ে দলং নিৰ্মাণথলীলৈ অহা – যোৱা কৰা বাহনৰ চালকৰ উপৰিও আন চালক আৰু মটৰ পৰিবহণৰ লগত  জড়িত সকলক গাড়ী বা বাহন চলোৱাৰ সময়ত মানি চলিবলগীয়া যান-বাহন আইন, দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰা। চাৰিচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে চিটবেল্ট ব্যৱহাৰ কৰা, ট্ৰেফিক চিগনেল বা সংকেত মানি চলা আদি দিশৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ইয়াৰ উপৰিও ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পথ সুৰক্ষা সজাগতা বিষয়ক বেনাৰ – পোষ্টাৰ লৈ এক সজাগতা সমদল উলিওৱা হয়।  কাৰ্যসূচীত সুৰক্ষা অভিযন্তাদ্বয় সুধাগৰ জে আৰু সৌৰভ সিংঘা, সহকাৰী প্ৰবন্ধক ছাদ্দাম  খানকে ধৰি কেবাজনো জ্যেষ্ঠ কাৰ্যবাহী উপস্থিত আছিল। 

উল্লেখ্য যে  ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ  আৰু উত্তৰ পাৰৰ শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ  ওপৰত বিগত ২০২৪  বৰ্ষৰ  শেষৰ পৰাই চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম।  দুয়োপাৰ সংযোগ কৰি দলংখনৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হৈ উঠিলে বৰ্তমানৰ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা  মাজিৰগাঁও গাঁও পঞ্চায়ত এলেকাকে ধৰি কাষৰীয়া বৃহত্তৰ পলাশবাৰী  অঞ্চলতো সূচল যাতায়াত ব্যৱস্থাকে ধৰি  ইতিবাচক প্ৰভাৱ পৰিব ।  অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্প চমুকৈ ই এ পি আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা দলংসহ চাৰিলেনযুক্ত পথটোৰ মুঠ দৈৰ্ঘ্য হব ১২.২১ কিলোমিটাৰ আৰু বহল হব ২৮ মিটাৰ । দলঙৰ পানীৰ ওপৰত থকা অংশখিনীৰ দৈৰ্ঘ্য হব ৩.৬ কিলোমিটাৰ ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *