বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এতিয়া এক ভয়ানক আন্তঃৰাষ্ট্ৰীয় ভাবুকিৰ সন্মুখীন হৈছে। পাটনাত চৰকাৰী অনুষ্ঠানৰ মাজতে এগৰাকী মুছলমান মহিলা চিকিৎসকৰ হিজাব টনাৰ অভিযোগত নীতিশ কুমাৰক সামাজিক মাধ্যমযোগে ভাবুকি প্ৰদান কৰিছে পাকিস্তানৰ কুখ্যাত গেংষ্টাৰ শ্বাহজাদ ভাট্টিয়ে। ভাইৰেল হোৱা এটা ভিডিঅ’ত ভাট্টিয়ে স্পষ্টকৈ কৈছে যে নীতিশ কুমাৰে অতি শীঘ্ৰে সেই মহিলাগৰাকীৰ ওচৰত ক্ষমা খুজিব লাগে, নহ’লে ইয়াৰ পৰিণাম ভোগ কৰিবলৈ সাজু থাকিব লাগিব।
ভাট্টিয়ে ভিডিঅ’টোত প্ৰশ্ন উত্থাপন কৰিছে যে এজন ইমান উচ্চ পদবীত থকা ব্যক্তিয়ে এগৰাকী মহিলাৰ সৈতে এনে আচৰণ কেনেকৈ কৰিব পাৰে। তেওঁ কয়, “মই তেওঁক ক্ষমা খুজিবলৈ সময় দিছোঁ। পাছত মোক দোষ নিদিব।” এই ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে বিহাৰ আৰক্ষীৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধানে জনাইছে যে পাটনাত আইজি পৰ্যায়ৰ বিষয়াই এই সমগ্ৰ বিষয়টো তদন্ত কৰিব।
উল্লেখ্য যে, যোৱা সোমবাৰে পাটনাত নৱনিযুক্ত আয়ুস চিকিৎসকসকলক নিযুক্তি পত্ৰ বিতৰণ কৰি থকাৰ সময়তে নীতিশ কুমাৰে এগৰাকী মুছলমান মহিলা চিকিৎসকৰ হিজাব খোলাৰ এক ভিডিঅ’ ভাইৰেল হৈছিল। এই কাণ্ডক লৈ ৰাজ্যখনত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। বিৰোধী দল আৰজেডি আৰু কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক “লজ্জাজনক” বুলি অভিহিত কৰি তেওঁৰ পদত্যাগ দাবী কৰিছে।
ইফালে, বিহাৰ চৰকাৰৰ মন্ত্ৰী জমা খানে পাকিস্তানী ডনৰ এই ভাবুকিক প্ৰত্যাহ্বান জনাই কয় যে কোনো ভাৰতীয়ই এনে ভাবুকিলৈ ভয় নকৰে। নীতিশ কুমাৰে সকলোৰে সন্মানৰ বাবে কাম কৰি আহিছে বুলিও তেওঁ দাবী কৰে। অৱশ্যে, এজন পাকিস্তানী গেংষ্টাৰে ভাৰতৰ এজন মুখ্যমন্ত্ৰীক এনেদৰে মুকলিকৈ ভাবুকি দিয়া বিষয়টোৱে এতিয়া নিৰাপত্তা সংস্থাসমূহৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।
