পোহৰলৈ আহিছে এক আজৱ ঘটনা। ৯০ বছৰীয়া এজন বৃদ্ধই দ্বিতীয়বাৰৰ বাবে বিবাশ পাশত আৱদ্ধ হয়। জানিব পৰা মতে, এইগৰাকী মৌলানাৰ আছে ৪ টাকৈ পুত্ৰ।চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰা বিভিন্ন সময়ত কিছুমান আজৱ ঘটনা পোহৰলৈ আহে। এয়া কোনো নতুন বিষয় নহয়। কিন্তু এইবাৰ পুনৰ এক আচৰিত ঘটনা পোহৰলৈ আহিছে যিয়ে চকু কঁপলত তুলিব আপোনাৰ।খবৰ অনুসৰি, এগৰাকী ৯০ বছৰীয়া বৃদ্ধ তথা ৪ জন পুত্ৰৰ পিতৃয়ে দ্বিতীয়বাৰৰ বাবে বিবাহ-পাশত আৱদ্ধ হয়। দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি ৪ পুত্ৰই পিতৃক বিয়া পাতি দিছে। তথ্য অনুসৰি এই বিবাহ অনুষ্ঠান পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ শ্বিংগালা জিলাত অনুষ্ঠিত হয়। ৯০ বছৰীয়া মৌলানা ছাইফুল্লাই তেওঁৰ সন্তান, নাতি-নাতিনী আৰু আত্মীয়ৰ সন্মুখত এই বিয় পাতে।জানিব পৰা মতে, মৌলানা ছাইফুল্লাই নিজৰ কইনাক যৌতুক হিচাপে এটা তোলা সোণ উপহাৰ দিছে। এই বয়সত বিয়া হৈ ছাইফুল্লাই প্ৰমাণ কৰি দিলে যে নতুন জীৱন আৰম্ভ কৰিবলৈ বয়সৰ বাধ্য বাধকতা নাই। বহু পাকিস্তানীৰ বাবে এতিয়া ছাইফুল্লা আদৰ্শস্বৰূপ হৈ পৰিছে।
৯০ বছৰীয়াই পুনৰ আবদ্ধ হয় বিবাহপাশত
