বিৰোধীৰ আসন বুজাবুজি চূড়ান্ত; কংগ্ৰেছৰ সৈতে ৯ খন আসনত সহমতত উপনীত অসম জাতীয় পৰিষদ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত আসন বুজাবুজিৰ প্ৰক্ৰিয়া সোমবাৰে আনুষ্ঠানিকভাৱে চূড়ান্ত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মিত্ৰতাৰ বিষয়ে ইংগিত দিয়াৰ এদিন পাছতে আঞ্চলিক দলটোৱে আসন ভাগ-বতৰা সম্পূৰ্ণ হোৱা বুলি নিশ্চিত কৰে। বুজাবুজি অনুসৰি, অজাপক খোৱাং, বঢ়মপুৰ, বিন্না কান্দি, বজালী, ডিব্ৰুগড়, সৰুপথাৰ, গুৱাহাটী চেণ্ট্ৰেল, শদিয়া আৰু পলাশবাৰীসহ মুঠ ৯ খন আসন এৰি দিছে কংগ্ৰেছে।

দলীয় সূত্ৰৰ মতে, বৰাক উপত্যকাৰ এখন আসনৰ লগতে ধেমাজি অথবা মৰিগাঁও সমষ্টিৰ যিকোনো এখন অজাপৰ বাবে এৰি দিয়াৰ সম্ভাৱনা আছে। মৰিগাঁও সমষ্টি লাভ কৰিলে বাণী দাস আৰু ধেমাজি লাভ কৰিলে চিত্ৰৰঞ্জন বসুমতাৰীক প্ৰক্ষেপ কৰিব দলটোৱে। ডিব্ৰুগড়ৰ খোৱাং সমষ্টিৰ পৰা অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে বঢ়মপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ অথবা ৰাজেন গোহাঁইৰ নাম চৰ্চালৈ আহিছে।

আনহাতে, কংগ্ৰেছ-এজেপিৰ সমীকৰণ স্থিৰ হ’লেও বিৰোধী ঐক্যৰ আন এক সহযোগী দল ৰাইজৰ দলৰ সৈতে এতিয়াও সংঘাত অব্যাহত আছে। ৰাইজৰ দলে নাওবৈচা সমষ্টিৰ দাবী উত্থাপন কৰিছে যদিও কংগ্ৰেছে তেওঁলোকক ডিগবৈ, চিচিবৰগাঁও, শিৱসাগৰ, মৰিয়নী, বোকাখাত, তেজপুৰ, দলগাঁও আৰু মানস সমষ্টি এৰি দিবলৈ সন্মত হৈছে। ইয়াৰ উপৰি মানকাচৰ, মাৰ্ঘেৰিটা আৰু পূব গোৱালপাৰাত ‘বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা’ৰ প্ৰস্তাৱ দিছে কংগ্ৰেছে।

বিৰোধী শিবিৰত অব্যাহত থকা এই টনা-আঁজোৰাৰ মাজতে এপিএইচএলচিক ডিফূ আৰু আমৰি, চিপিআই(এম)ক গোৰেশ্বৰ, সৰভোগ আৰু ভৱানীপুৰ তথা চিপিআই(এম-এল)ক বিহালী সমষ্টি এৰি দিবলৈ সাজু হৈছে কংগ্ৰেছ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেইখনমান আসনক লৈ এতিয়াও মতানৈক্য চলি থকাৰ কথা স্বীকাৰ কৰে। বিৰোধী মিত্ৰজোঁটৰ এই আসন ভাগ-বতৰাই নিৰ্বাচনী যুঁজত কেনে প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *