২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা

২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা হ’ব।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োটা সদনত ১৬-১৬ ঘণ্টাকৈ বিতৰ্কৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে। ২১ জুলাইৰ পৰা আৰম্ভ হৈছিল সংসদৰ বৰ্ষাকালিন অধিৱেশন।

যোৱা ৩ দিন ধৰি বিৰোধীয়ে অপাৰেচন সিন্দুৰ, বিহাৰ ভোটাৰ ভেৰিফিকেচন আদি বিষয়ত হুলস্থুলৰ সৃষ্টি কৰি আহিছে। তিনিদিনত দুয়োটা সদনৰ কাৰ্য্যবিধি অবিৰতভাৱে আধা ঘণ্টাও চলিব নোৱাৰিলে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বুধবাৰে কয় যে চৰকাৰে অপাৰেচন সিন্দুৰ চলি আছে বুলি কোৱাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ইয়াক বন্ধ কৰা বুলি দাবী কৰিছে।

ট্ৰাম্পে ২৫ বাৰ কৈছে যে তেওঁ যুদ্ধবিৰতি কৰিছিল। ইয়াৰ উত্তৰ চৰকাৰে দিব লাগে। ইয়াৰ পূৰ্বে বিহাৰৰ ভোটাৰ তালিকা ভেৰিফিকেচন বিষয়ক লৈ লোকসভাত হুলস্থুলৰ সৃষ্টি হৈছিল।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *