ওড়িশাত মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে: নবীন পাটনায়ক

56

ওড়িশাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত শাসনত থকা বিজু জনতা দল (বিজেডি) এ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। য’ত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। ইফালে, বিজু জনতা দলৰ মুৰব্বী নবীন পাটনায়কে পৰাজয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰদান কৰে। তেওঁ কয় যে এইটো আমাৰ প্ৰচেষ্টাৰ ফলাফল যে এতিয়া ৰাজ্যখনৰ মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে।

বিজেডিৰ মুৰব্বী নবীন পাটনায়কে বুধবাৰে নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে এখন বৈঠক কৰে, য’ত তেওঁ ৰাজ্যখনৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত পৰাজয় সন্দৰ্ভত নীৰৱতা ভংগ কৰে। তেওঁ কয় যে যেতিয়া মই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিলো ৰাজ্যখনৰ ৭০ শতাংশ লোক দৰিদ্ৰসীমাৰ তলত আছিল।

এতিয়া মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰসীমাৰ তলত আছে। কৃষি আৰু জলসিঞ্চন খণ্ডত আমাৰ প্ৰচেষ্টা আৰু মহিলা সশক্তিকৰণৰ বাবে এই সাফল্য অৰ্জন কৰা হৈছে। আমাৰ দলে ওড়িশাৰউন্নয়নৰ বাবে কাম কৰিছে আৰু আমি ৰাজ্যখনৰ বাবে ২৪ ঘণ্টা কাম কৰি যাম।