পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে পল থমাছ এণ্ডাৰছন। তেওঁৰ ছবি “ৱান বেটল আফটাৰ এনাদাৰ”ই এইবাৰৰ অস্কাৰত শ্ৰেষ্ঠ ছবিকে ধৰি ছটা বঁটা লাভ কৰাৰ বিপৰীতে “চিনাৰ্ছ”ই চাৰিটা বঁটা লাভ কৰে। “ৱান বেটল আফটাৰ এনাদাৰ”ৰ দুজন তাৰকা টেয়ানা টেইলৰ আৰু চেজ ইনফিনিটিয়ে বঁটা ঘোষণা কৰাৰ লগে লগে আনন্দত জপিয়াই পৰে। ছবিখনে ১৩টা মনোনয়ন লাভ কৰে।
আমেৰিকাৰ লছ এঞ্জেলছত ঘোষণা কৰা হৈছে ৯৮ সংখ্যক একাডেমী বঁটা। বিভিন্ন শাখাত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে বঁটা প্ৰদান কৰা হয়। অভিলেখ ১৬টা মনোনয়ন লাভ কৰি ছুপাৰনেচাৰেল থ্ৰিলাৰ “চিনাৰ্ছ” শ্ৰেষ্ঠ ছবিৰ অন্যতম আগশাৰীৰ প্ৰতিদ্বন্দ্বী আছিল।পৰিচালক ৰিয়ান কুগলাৰৰ “ভেম্পায়াৰ” ছবিয়েও একাডেমী বঁটাত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও ইতিমধ্যে শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য লাভ কৰিছে।
ব্ৰাজিলৰ পৰিচালক ক্লেবাৰ মেণ্ডনছা ফিলহোৰ “অ’ এজেণ্টে ছিক্ৰেটো” (দ্য ছিক্ৰেট এজেণ্ট)-এ লেটিন আমেৰিকাক প্ৰতিনিধিত্ব কৰি কেইবাটাও শাখাত অস্কাৰ লাভৰ দৌৰত অংশগ্ৰহণ কৰিছে: শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, শ্ৰেষ্ঠ অভিনেতা, আৰু শ্ৰেষ্ঠ কাষ্টিং।
