গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত দিল্লীত গ্ৰেপ্তাৰ অসমৰ ভুৱা কূটনীতিবিঃ বিলাসী বাহনত লগাইছিল ভুৱা নম্বৰ প্লেট

দেশৰ ৰাজধানী চহৰখনৰ অতি সুৰক্ষিত অঞ্চলসমূহত এগৰাকী মহিলাই চলাই থকা সন্দেহজনক চাল-চলনৰ পাছতেই পোহৰলৈ আহিছে এক ভয়ংকৰ নিৰাপত্তা উলংঘনৰ তথ্য। ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰস্তুতিৰ মাজতে উচ্চ সতৰ্কতা অৱলম্বন কৰা দিল্লী আৰক্ষীয়ে অসমৰ গুৱাহাটীৰ নিবাসী ড° আছমা বেগম (৪৮) নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ অনুসৰি, এই মহিলাগৰাকীয়ে নিজকে এগৰাকী বিদেশী কূটনীতিবিদ হিচাপে পৰিচয় দি এখন বিলাসী টয়োটা ইন’ভা বাহনত জাল কূটনৈতিক নম্বৰ প্লেট লগাই দিল্লীৰ উচ্চ নিৰাপত্তাবেষ্টিত এলেকাত মুক্তভাৱে ঘূৰি ফুৰিছিল। যোৱা ১৫ জানুৱাৰীত অপৰাধ শাখাৰ এক বিশেষ দলে অভিযান চলাই লুইটিয়েন দিল্লীৰ পৰা মহিলাগৰাকীক আটক কৰে। আৰক্ষীয়ে তেওঁৰ পৰা তিনিখন ভুৱা দূতাবাসৰ নম্বৰ প্লেট, এটা ম’বাইল ফোন আৰু বাহনখনৰ ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় নথিপত্ৰ উদ্ধাৰ কৰিছে।

তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, আছমা বেগমে বসন্ত বিহাৰৰ দৰে কূটনৈতিক চাৰ্কোলত সঘনাই আহ-যাহ কৰিছিল আৰু বিভিন্ন দূতাবাসৰ সামাজিক অনুষ্ঠানত অংশ লৈ নিজৰ বিশ্বস্ততা অৰ্জনৰ চেষ্টা কৰিছিল। আনকি তেওঁ এখন ভাড়াতীয়া ঘৰক নিজৰ সম্পত্তি বুলি দাবী কৰাৰ লগতে ৰামদাস আথাৱালে নেতৃত্বাধীন আৰ পি আই দলৰ সৰ্বভাৰতীয় সম্পাদিকা বুলিও পৰিচয় দিছিল। জেৰাৰ সময়ত তেওঁ নিজকে মেঘালয়ৰ এখন বিশ্ববিদ্যালয়ৰ পৰামৰ্শদাতা হিচাপেও দাবী কৰে।

ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে মহিলাগৰাকীক ৬ দিনৰ জিম্মাত লৈছে। গণতন্ত্ৰ দিৱসৰ পূৰ্বে এনেদৰে কূটনীতিবিদৰ ছদ্মবেশত চৰকাৰী কাৰ্যালয় আৰু দূতাবাসৰ সমীপত ঘূৰি ফুৰা এই মহিলাগৰাকীৰ প্ৰকৃত উদ্দেশ্য কি আছিল, সেই সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে গভীৰ তদন্ত অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *