এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত কৰে ভাৰতে। পাকিস্তানে ইউ এ ইক পৰাস্ত কৰি ভাৰতৰ সৈতে গ্ৰুপ এ-ৰ পৰা ছুপাৰ ৪ পৰ্যায়লৈ আগবাঢ়ি যায়। ছুপাৰ ৪ৰ বাকী দুটা দল এতিয়া গ্ৰুপ বি-ৰ হ’ব।এই ৰাউণ্ডত প্ৰতিটো দলে এখন এখন মেচ আনটোৰ বিৰুদ্ধে খেলিব। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত আন এখন মেচ অনুষ্ঠিত হ’ব।
এছিয়ান ক্ৰিকেট কাউন্সিলে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পূৰ্বে ছুপাৰ ৪ পৰ্যায়ৰ সূচী চূড়ান্ত কৰিছিল। গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰা দল দুটাক এ১ আৰু এ২, আনহাতে গ্ৰুপ বি-ৰ পৰা যোগ্যতা অৰ্জন কৰা দলক বি১ আৰু বি২ হিচাপে নিৰ্ধাৰণ কৰা হয়। সূচী অনুসৰি ২১ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব এ-১ আৰু এ-২ৰ মাজত খেলখন। ফলস্বৰূপে দেওবাৰে পুনৰ মুখামুখি হ’ব গ্ৰুপ এ-ৰ দল ভাৰত আৰু পাকিস্তানে। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলখনত টিম ইণ্ডিয়াই সহজেই ৭ উইকেটত জয়লাভ কৰে।
মেচৰ অন্তত আৰু টছৰ সময়ত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানী অধিনায়ক ছলমান আলী আঘাক হাত মিলাবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে ছলমান আঘাই মেচৰ পিছৰ সাক্ষাৎকাৰ দিবলৈ অস্বীকাৰ কৰে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই ঘটনাক খেলৰ মনোভাৱৰ বিৰুদ্ধে বুলি অভিহিত কৰে। মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক আইচিচিৰ পৰা অপসাৰণৰ বাবেও ব’ৰ্ডে দাবী জনাইছিল যদিও আইচিচিয়ে এই অনুৰোধ নাকচ কৰে। সমগ্র বিতর্কৰ পাছত এতিয়া এই প্রতিযোগিতাত পুনৰবাৰ ভাৰতৰ মুখামুখি হ’ব পাকিস্তান দলটোৱে৷
