নিশাৰ আতংকৰ মাৰ নৌযাওঁতেই বুধবাৰে পুৱা পুনৰবাৰ খাৰুৱা তেলৰ পাইপলাইন ফাটি ডিব্ৰুগড় জিলাৰ টিংখাঙৰ শালমাৰী দিঘলীয়া অঞ্চলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আগনিশা একেটা স্থানতে হোৱা তেল নিঃসৰণ বন্ধ কৰাৰ কেইঘণ্টামানৰ পিছতেই বুধবাৰে পুৱা প্ৰায় ১০ বজাত একেটা পাইপলাইন পুনৰ ফাটি যোৱাত সমগ্ৰ অঞ্চলটোত হাহাকাৰ লাগে। অইল ইণ্ডিয়া লিমিটেডৰ জৰুৰীকালীন মেৰামতি কাৰ্যৰ গুণগত মানক লৈ এতিয়া স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, তেলৰ প্ৰবাহ বন্ধ কৰা বুলি কৰ্তৃপক্ষই দাবী কৰিছিল যদিও মেৰামতি কৰা অংশটোৰে পুনৰ তীব্ৰবেগে তেল ওলাই আহিবলৈ ধৰে। অইল ইণ্ডিয়াৰ গাফিলতিৰ বাবে এই পৰিস্থিতি পুনৰাবৃত্তি হোৱা বুলি ক্ষোভ উজাৰিছে ৰাইজে। এই খাৰুৱা তেল ইতিমধ্যে ওচৰৰ কৃষি পথাৰ আৰু মাছৰ পুখুৰীলৈ বিয়পি পৰিছে। ইয়াৰ ফলত ধান খেতিৰ ব্যাপক ক্ষতি হোৱাৰ লগতে মীন পালনৰ সৈতে জড়িত লোকসকল লোকচানৰ সন্মুখীন হৈছে। ইফালে, তেলৰ দুৰ্গন্ধই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিষাক্ত কৰি তুলিছে। স্থানীয় ৰাইজৰ মতে, অঞ্চলটোত থকা পুৰণি পাইপলাইনসমূহ জৰাজীৰ্ণ হৈ পৰাৰ বাবে এনে ঘটনা সঘনাই ঘটিবলৈ লৈছে। অইল কৰ্তৃপক্ষৰ “উদাসীন মনোভাৱক” কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজে অনতিপলমে ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে। লগতে দুৰ্ঘটনা ৰোধ কৰিবলৈ পুৰণি পাইপলাইনসমূহ মাটিৰ গভীৰত স্থাপন কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে।
টিংখাঙত তেলৰ পাইপলাইন ফাটি বিপৰ্যয়ঃ খেতি পথাৰ আৰু পুখুৰীলৈ বিয়পিছে খাৰুৱা তেল
