অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

57

গুৱাহাটীত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ মুল ৰাউণ্ডৰ মেচসমুহ আজিৰে পৰা আৰম্ভ হৈছে৷ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা আজিৰ মেচত ১২ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত জয়ৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ঃ ধনশিকা মহন্ত, দেৱাংশী তামুলী, আয়ুশ্ৰী নাথ, স্বৰা পাৱাৰ আৰু কৃষ্টি হালৈ৷ ১২ বছৰ অনূধ্বৰ্ ল’ৰাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰে ঃ আয়ান ৰহমান, নিব্ৰাছ হুছেইন, একলব্য ৰায়, আহন জৈন, থানুছ শেখৰ, বিহান মুলুকুটলা, উদিত প্ৰধান, শলোক আলণ্ড, জেগান আৰ ছেণ্টিকুমাৰ, আৰিয়ান ভৰালী, প্ৰতীচি বসু, তাকচেল নগৰ, ঈশানদীপ বড়ো, ৰিয়ান দত্ত, সৌৱিত বৰঠাকুৰ আৰু নিহাল এছ ৰেড্ডী৷

ইফালে, ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰিছে ঃ কৃষ্টি হালৈ, ধ্যানা মৰং, সুদীক্ষা বেনাৰ্জী, সংস্কৃতি বৰা, দেৱাংশী তামুলী, এশিতা শ্ৰীলয়া, আৰ্যা কাকতি, সনবী বসু, নিমিষা কাশ্যপ, ছেৰেনা গেহলট, ইভানা আৰোৰা, সাংৰচনা দাস, খুছি খাদিম, প্ৰিয়ংশী চেটাৰ্জী, আহনা দাস আৰু পদ্মা ৰমেশ কুমাৰ৷ আনহাতে, ১৪ বছৰ অনূধ্বৰ্ ল’ৰাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ঃ চন্দ্ৰ ম’হন্তী, আৰ্ছ ৱাকে, ৰিক ৰাউট, যশ কুমাৰ, ঈশান সোহনী, ৰাঘৱ সৰোদে, জেগাব ৰোহিত, প্ৰিয়দৰ্শন প্ৰধান, হৱিছ বংশাল, বিভান মিৰ্ধা আৰু এনৰিখ পাটৰ৷

উল্লেখ্য যে আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ গৰাকী খেলুৱৈয়ে অংশ লোৱা ল’ৰা-ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ প্ৰতিযোগিতাখনত ডাবলছ শাখাৰ খেল কাইলৈৰ পৰা আৰম্ভ হ’ব বুলি কয় অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷ উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই অসম টেনিছ সন্থাক ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰি অহাত সহযোগিতা আগবঢ়াই আহিছে৷