লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীয়ে

বিৰোধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব। সূত্ৰৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানে। এই প্ৰস্তাৱ উত্থাপন কৰিবলৈ কমেও ৫০ জন সাংসদৰ সমৰ্থন প্ৰয়োজন। ১৪ দিন আগতীয়াকৈ সদনত লিখিত জাননী দাখিল কৰিব লাগিব।

বাজেট অধিবেশনৰ নৱম দিন অৰ্থাৎ সোমবাৰেও বিৰোধীৰ প্ৰতিবাদ অব্যাহত থাকে। বিৰোধীয়ে ৰাহুল গান্ধীক ভাষণ দিবলৈ অনুমতি দিবলৈ দাবী জনায়। লোকসভাৰ অধ্যক্ষই তেওঁলোকক প্ৰশ্নকালীন ঘণ্টাৰ পিছত নিজৰ মতামত দাঙি ধৰিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু বিৰোধী নিজৰ স্থিতিত অটল থাকি সদন উত্তাল কৰি ৰাখে। ইয়াৰ পিছত লোকসভাৰ অধ্যক্ষই সংসদ মঙলবাৰে পুৱা ১১ বজালৈ স্থগিত বুলি ঘোষণা কৰে। প্ৰথমে দিনৰ ২ বজালৈ স্থগিত ৰাখিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *