পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লব নীতিশ কুমাৰে

বিহাৰ বিধানসভা নিৰ্বাচনত এক ঐতিহাসিক জয়ৰ পিছতে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নাম পোহৰলৈ আহিছে। জেডিইউৰ বিধায়িনী দলৰ দলপতি হিচাপে নীতিশ কুমাৰক নিৰ্বাচিত কৰাৰ বিপৰীতে বিজেপিয়ে সম্ৰাট চৌধুৰীক দলপতি আৰু বিজয় সিনহাক উপ দলপতি হিচাপে নিৰ্বাচিত কৰিছে।

সেই হিচাপে নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ’ব, আনহাতে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা উপ মুখ্যমন্ত্ৰী হ’ব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আজি সন্ধিয়া আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে  বিহাৰৰ ৰাজধানী পাটনাত বুধবাৰে নৱনিৰ্বাচিত বিধায়কৰ বৈঠকত জেডিইউৰ প্ৰমুখ নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা বুলি বিহাৰৰ মন্ত্ৰী শ্ৰৱণ কুমাৰে কয়।

খবৰ অনুসৰি বৃহস্পতিবাৰে ঐতিহাসিক গান্ধী মৈদানত নীতিশ কুমাৰে অভিলেখ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *