দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিৰ সাংগঠনিক নেতৃত্বত এক নতুন অধ্যায়ৰ সূচনা কৰি দলৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ল ৪৫ বছৰীয়া এগৰাকী নেতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নীতিন নবিনক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি ঘোষণা কৰা হয়। বিজেপিৰ সাংগঠনিক নিৰ্বাচনৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ‘সংগঠন পৰ্ব’ৰ বিশেষ সমাৱেশত নীতিন নবীনক নিৰ্বাচনৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত বিদায়ী ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ দৰে জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। নৱ-নিৰ্বাচিত সভাপতিগৰাকীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নিৰ্বাচন প্ৰক্ৰিয়াটো ১০০ শতাংশ গণতান্ত্ৰিক বুলি অভিহিত কৰে। মোদীয়ে কয় যে দলীয় কাম-কাজৰ ক্ষেত্ৰত নীতিন নবীন তেওঁৰ ‘বছ’।
উল্লেখযোগ্য যে, সোমবাৰে মনোনয়ন দাখিল আৰু পৰীক্ষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত নীতিন নবীনেই একমাত্ৰ প্ৰাৰ্থী হিচাপে অৱশিষ্ট থাকে। দলীয় সংবিধান অনুসৰি নীতিন নবীনৰ সমৰ্থনত মুঠ ৩৭ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু কোনো বিৰোধী প্ৰাৰ্থী নথকাত তেওঁ বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। ২০১৫ চনৰ ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি লাভ কৰা নীতিন নবীনক এতিয়া দলৰ পূৰ্ণাংগ দায়িত্ব অৰ্পণ কৰা হৈছে। বিজেপিৰ নিয়ম অনুসৰি অন্ততঃ ৫০ শতাংশ ৰাজ্যিক সভাপতি নিৰ্বাচিত হোৱাৰ পাছতহে ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি। ৩৬ খন ৰাজ্যিক গোটৰ ভিতৰত ইতিমধ্যে ৩০ খন ৰাজ্যতে নিৰ্বাচন সম্পন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচনী প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হৈছিল। ৪৫ বছৰীয়া নবীনৰ এই উত্থানে দলটোত যুৱ নেতৃত্বক প্ৰাধান্য দিয়াৰ এক ৰণনীতি হিচাপে বিবেচিত হৈছে।
